নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনসাধাৰণক দুর্গোৎসৱৰ সময়ত স্বাস্থ্যবিধি সম্পূর্ণৰূপে মানি চলাৰ আহ্বান মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ ক’ভিড–১৯সৃষ্ট জটিল সন্ধিক্ষণত জনসাধাৰণক শাৰদীয় দুর্গোৎসৱৰ সময়ত স্বাস্থ্যবিধি সম্পূর্ণৰূপে মানি চলাৰ আহ্বান জনাইছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্রী সোণোৱালে এই জটিল সন্ধিক্ষণত কেৱল পৰম্পৰা পালনেৰে শাৰদীয় দুর্গোৎসৱ পালনৰ আহ্বান জনাই কয় যে সাম্প্রতিক সময়ত ক’ভিড–১৯ৰ সংক্রমণ সামান্যভাৱে কমিছে যদিও ইয়াৰ বিভীষিকা আঁতৰি যোৱা নাই৷ যেতিয়ালৈকে এই ৰোগৰ কোনো প্রতিষেধক অথবা ঔষধ আৱিষ্কাৰ নহয়, তেতিয়ালৈকে জনসাধাৰণে স্বাস্থ্য বিভাগে ধার্য কৰা নীতি–নিয়মসমূহ উপযুক্তভাৱে পালন কৰি নিজকে নিৰোগী কৰি ৰাখিব লাগিব, যাতে উৎসৱকালীন সময়ত ক’ৰোনাৰ ব্যাপক সংক্রমণ ৰোধ কৰিব পৰা যায়৷ এই দিশত মাস্ক পৰিধান, সামাজিক ব্যৱধান মানি চলা, সঘনাই চাবোনেৰে হাত খোৱা অথবা ছেনিটাইজ কৰাৰ দৰে পদক্ষেপসমূহ কঠোৰভাৱে মানি চলাৰ বাবেও মুখ্যমন্ত্রীয়ে পূজা সমিতিকে ধৰি জনসাধাৰণক আহ্বান জনায়৷

আনহাতে, অসম–মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতি স্বাভাৱিক বুলি জানিবলৈ দি মুখ্যমন্ত্রী সোণোৱালে কয় যে পৰিস্থিতিক লৈ দুয়ো ৰাজ্যৰ চৰকাৰৰ মাজত আলোচনা হৈছে৷ এতিয়া শান্তিৰ পৰিৱেশ ঘূৰি আহিছে৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহে মিলা–প্রীতিৰে দীর্ঘদিনীয়া শান্তি–সম্প্রীতি অক্ষুণ্ণ ৰাখিব বুলিও মুখ্যমন্ত্রী সোণোৱালে মন্তব্য কৰে৷ ইপিনে, শাৰদীয় দুর্গোৎসৱ উপলক্ষে মুখ্যমন্ত্রী সোণোৱালে অসমৰ সকলো শ্রেণীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

এক শুভেচ্ছাবাণীত মুখ্যমন্ত্রী সোণোৱালে কয় যে বিশ্বৰ ভিতৰতে প্রাচীন ভাৰতীয় সভ্যতা–সংস্কৃতিৰ মূল উপাদান হ’ল– আধ্যাত্মিক জীৱন দর্শন৷ অতীজৰে পৰা ভাৰতীয় সমাজ জীৱন শক্তিশালী আধ্যাত্মিক ধ্যান–ধাৰণাৰে পৰিচালিত হৈ মূল্যবোধ তথা মানৱতাবোধৰ আধাৰত প্রতিষ্ঠিত এখন প্রগতিশীল সমাজ হিচাপে পৰিচিত হৈ আহিছে৷ আমাৰ আধ্যাত্মিক জীৱন পৰিক্রমাত উৎসৱ–পার্বণসমূহ্ সদায়ে ইতিবাচক অৰিহণা যোগাই আহিছে৷ শৰৎ কাল অতি বিতোপন৷ এই শৰৎ কালত অনুষ্ঠিত শাৰদীয় দুর্গোৎসৱ কেৱল এক ধর্মীয় উৎসৱেই নহয়, ই হ’ল প্রেম, ভাতৃত্ববোধ তথা অন্যান্য মানৱীয় অনুভূতিৰে সমৃদ্ধ এক মহামিলনৰ উৎসৱ৷ এই উৎসৱ হ’ল অপশক্তি নাশেৰে সত্যক প্রতিষ্ঠা কৰা এক যুগজয়ী উৎসৱ৷ প্রকৃতিৰ এই উৎসৱমুখৰ তথা বিনন্দীয়া পৰিৱেশে সমাজত শান্তি–সম্প্রীতি গঢ়াৰ পথো সুদৃঢ় কৰে৷ মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে যে শাৰদীয় দুর্গোৎসৱে আমাৰ মাজত বর্তি থকা শান্তি, সম্প্রীতি, প্রেম তথা ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ দিশত সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে অনুপ্রাণিত কৰিব৷

You might also like