নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনুভাঙাত পথ দুৰ্ঘটনা, আঠজন গুৰুতৰভাৱে আহত 

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : গোৱালপাৰা জিলাৰ ধনুভাঙাত যোৱানিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত আঠজনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷ ধনুভাঙাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মঙলাপুলত এখন TATA ACE বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মাৰি পথাৰত বাগৰি পৰে ৷ ফলত চালকসহ আঠজনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ লগে লগে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা আঠজনকৈ লোকক উদ্ধাৰ কৰে ৷ পিছত চিকিৎসাৰ বাবে ৰংজুলি চিকিৎসালয়লৈ ১০৮ এম্বুলেঞ্চেৰে প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ অৱশ্যে সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে ৷ জানিব পৰা মতে, লোককেইজনে দৰংগিৰি শান্তিপাৰাৰ পৰা বকোৰ চেকাদাৰীত বিয়াৰ দৰাঘৰত সামগ্ৰী দিবলৈ গৈছিল ৷ উভতি অহাৰ সময়তে বাহনখন ধনুভাঙাৰ মঙলাপুলত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাগ্ৰস্ত TATA ACE বাহনখনৰ নম্বৰ AS-JC-2761।

প্ৰেৰক বেনজিন বড়ো

You might also like