নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’ডি গাড়ী লৈ বজাৰত শাক-পাচলি বিক্রী সুজিতৰ

বিশেষ বাৰ্তা, ২ অক্টোবৰ : ভাৰতৰ কৃষকসকলৰ অৱস্থাৰ এতিয়াও বিশেষ পৰিৱর্তন ঘটা নাই৷ কিন্তু দুই–চাৰিজন কৃষকে নিজৰ মেধা আৰু পৰিশ্রমৰ ফলত জীৱন সলনি কৰিবলৈ সক্ষম হৈছে৷ অন্য কৃষকসকলৰ বাবে এওঁলোক হৈছে উদাহৰণ৷ তেনে এজন কৃষক হৈছে কেৰালাৰ বাসিন্দা সুজিত৷ প্রতিদিনে ৫২ লাখটকীয়া অ’ডি গাড়ী লৈ বজাৰত শাক–পাচলি বিক্রী কৰিবলৈ যায় সুজিত৷ কেৱল কৃষিকর্মত জড়িত সুজিতে সলনি কৰি দিছে নিজৰ জীৱন৷ ইনষ্টাগ্রামত অতি জনপ্রিয় এই কৃষকজন৷ সম্প্রতি সুজিতৰ এটা ভিডিঅ’ ভাইৰেল হৈছে৷ ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে অ’ডি এ–৪ গাড়ীত শাক–পাচলি লৈ বজাৰত উপস্থিত হৈছে এই তৰুণ কৃষকজন৷ ইয়াৰ পিছতে ভৰিৰ জোতা খুলি বজাৰত শাক–পাচলি বিক্রী কৰাত ব্যস্ত হৈ পৰিছে সুজিত৷ বিশুদ্ধ সেউজ শাক–পাচলি উৎপাদন আৰু বিক্রী কৰাটোৱেই সুজিতৰ পেছা৷ বহু কৃষকৰ বাবে এতিয়া সুজিত হৈ পৰিছে এক আদর্শ৷

You might also like