নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০০ ইউনিটলৈ বৃদ্ধি হোৱা নাই বিদ্যুৎ মাচুল : মুখ্যমন্ত্রী

ষ্টাফ ৰিপ’ৰ্টাৰ, ২ অক্টোবৰ : অসমত ৩০০ ইউনিটলৈ ঘৰুৱা বিদ্যুৎ গ্রাহকৰ ক্ষেত্রত কোনো বিদ্যুৎ মাচুল বৃদ্ধি হোৱা নাই৷  এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷  গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিদ্যুৎ মাচুল সম্পর্কত ভুলকৈ বাতৰি প্রকাশ পাইছে৷ ৩০০ ইউনিটলৈ কোনো বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা নাই৷ ৩০০–৫০০ ইউনিটলৈ বিদ্যুতৰ ক্ষেত্রত প্রতি ইউনিটত ২০ পইচাকৈহে মাচুল বৃদ্ধি হৈছে৷ সেইদৰে ৫০০ ইউনিটৰ ওপৰত চৰকাৰী কার্যালয়তহে বিদ্যুৎ মাচুল অলপ বৃদ্ধি পাইছে৷ ৩০০ ইউনিটলৈ বিদ্যুৎ মাচুল এপইচাও বৃদ্ধি কৰা নাই৷

You might also like