নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘১০ বছৰলৈ বিজেপিক নালাগে চৰৰ সংখ্যালঘুৰ ভোট’

🔹 ‘লোকসভা’ৰ পূর্বে ড০ শর্মাৰ ঘোষণা

🔹 পৰিয়াল পৰিকল্পনা, বাল্যবিবাহ বন্ধ, কট্টৰতা পৰিহাৰৰ পিছতহে বিচাৰিব ভোট

ষ্টাফ ৰিপ’ৰ্টাৰ, ২ অক্টোবৰ : অহা ১০ বছৰলৈ চৰ অঞ্চলৰ সংখ্যালঘু ৰাইজৰ ভোট নালাগে বিজেপিক৷ এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰাঞ্চলত বিজেপিয়ে জনকল্যাণমূলক কাম কৰিব৷ চৰাঞ্চলৰ ৰাইজে আমাক সমর্থন কৰক৷ কিন্তু আমাক ভোট দিব নালাগে৷ আমাক সমর্থন দিয়াটোত আপত্তি নাই৷ নৰেন্দ্র মোদী জিন্দাবাদ দিয়ক, বিজেপি জিন্দাবাদ দিয়ক৷ কিন্তু নির্বাচন আহিলে ময়েই অনুৰোধ কৰিম- এইবাৰ আমাক ভোট নিদিব৷ যেতিয়া চৰাঞ্চলৰ ৰাইজে পৰিয়াল পৰিকল্পনা কৰিব, বাল্যবিবাহ বন্ধ কৰিব, কট্টৰতাৰ ওৰ পৰিব, তেতিয়াহে আমাক ভোট দিব৷ এই কামখিনি কৰোঁতে তেওঁলোকক ১০ বছৰ লাগিব ৷ ১০ বছৰৰ পাছত তেওঁলোকৰ ভোট বিচাৰিম ৷ কিন্তু এতিয়া নহয়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মোক ভোট দিয়া মানুহৰ সন্তান ২–৩টাতকৈ বেছি হ’ব নোৱাৰিব৷ গতিকে সেইখিনি তেওঁলোকে ঠিক কৰি লওক৷ অৱশ্যে লাহে লাহে সেয়া ঠিক হৈ যাব৷ মোক ভোট দিয়া মানুহে নিজৰ ছোৱালীক স্কুললৈ পঠিয়াবই লাগিব, মোক ভোট দিয়া মানুহে বাল্যবিবাহ কৰাব নোৱাৰিব৷ এই চর্তসমূহ পূৰণ হৈ গ’লে ময়েই চৰলৈ গৈ ভোট বিচাৰিম৷ আনহাতে, চৰাঞ্চলৰ শিক্ষানুষ্ঠানৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শিক্ষানুষ্ঠান আছে৷ ছাত্র–ছাত্রীৰ অভাৱতহে শিক্ষানুষ্ঠান সংলগ্ণ কৰিবলগীয়া হৈছে৷ সংখ্যালঘুৰ সন্তান বুলি যে পঢ়া–শুনা কৰিব নালাগে তেনে কথা নহয়৷ সংখ্যালঘু অধ্যুষিত অঞ্চলত ৭খন নতুন কলেজৰ শুভাৰম্ভ কৰিবলৈ ওলোৱা প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সেই কলেজত সংখ্যাগুৰু ছাত্র–ছাত্রীয়েও অধ্যয়ন কৰিব৷ কিন্তু কলেজকেইখনৰ স্থান সংখ্যালঘু অধ্যুষিত অঞ্চল কৰা হৈছে৷ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্রত সংখ্যালঘু–সংখ্যাগুৰু নহয়, মানৱতাৰ দৃষ্টিভংগীৰেহে চৰকাৰে কাম কৰি আহিছে৷

You might also like