নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিবেৰাংগা পুৰাণপাৰাত ৰাইজে সাজিলে বাঁহৰ সাঁকো

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিল : গাঁওখনৰ নাম জিবেৰাংগা পুৰাণপাৰা। ধুবৰী লোকসভা আৰু পূব গোৱালপাৰা বিধানসভা সমষ্টিৰ এই গাঁওখনত দলঙৰ অভাৱত প্ৰতিবছৰে বাৰিষা যাতায়াতত আহুকাল নামে | স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে আদি কৰি সৰ্বস্তৰৰ ৰাইজে আজিকোপতি বহু আবেদন-নিবেদন জনায়ো কৰ্ণৈ নদীৰ ওপৰত দলং এখন পাবলৈ সক্ষম নহ’ল | ফলত প্ৰতিবছৰে গাঁঠিৰ ধন ব্যয় কৰি ঘৰেপতি বাঁহ সংগ্ৰহ কৰি সাজিব লাগে বাঁহৰ সাঁকো আৰু বাৰিষা গ’লেই ভাঙি অস্তিত্ব নৰয় সাঁকোৰ | আজি পুৱাই ৰাইজে সমূহীয়া শ্ৰমদানেৰে সাঁকো সাজিবলৈ পুৰুষ-মহিলা সকলো ব্যস্ত হৈ পৰে। নিৰ্বাচন আহিলেই গঞাই সাব্যস্ত কৰে নিজৰ নিজৰ ভোটাধিকাৰ। পিছে সমস্যাহে আঁতৰ নহয়। ৰাইজে শীঘ্ৰে উক্ত স্থানত দলং এখন নিৰ্মাণৰ দাবী জনাইছে চৰকাৰলৈ |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like