নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ সমষ্টিত বিজেপি মিত্রজোঁটক ভোট দিয়ক মুছলমান সমাজে

🔹 জামাত–উলামা–ই–হিন্দৰ আহ্বান

বিশেষ বাৰ্তা, ২৯ এপ্রিল : লোকসভা নির্বাচনৰ তৃতীয় পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া চাৰিওটা সমষ্টিত বিজেপি আৰু মিত্রদলৰ প্রার্থীক ভোট দিবলৈ মুছলমান সমাজক আহ্বান জনাইছে ৰাজ্যিক জামাত–উলামা–ই–হিন্দৰ সভাপতি মৌলানা আতাউৰ ৰহমান কাছিমীয়ে৷ কালি দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত এই আহ্বান জনাই কাছিমীয়ে কয় যে বিগত ৬০ বছৰে কংগ্রেছে মুছলমান লোকসকলক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি শোষণ কৰি আহিছে৷ স্বৰাজোত্তৰ কালত মুছলমানৰ উন্নতিৰ বাবে কোনো ৰাজনৈতিক দলে একো নকৰিলে৷ বৰঞ্চ ভয়–শংকাৰ দ্বাৰা ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে৷ ইয়াৰ বিপৰীতে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে মুছলমান সমাজৰ উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘অসমৰ সর্বকালৰ শ্রেষ্ঠ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিকাশৰ পথত অসমখনক লৈ গৈছে৷ অসমৰ মুছলমানসকল তেওঁৰ লগত আছে৷ প্রতিদ্বন্দ্বিতামূলক চিন্তাধাৰা পৰিহাৰ কৰি উলেমা সমাজে সহযোগিতামূলক দৃষ্টিভংগীৰে আগবাঢ়িবলৈ সংকল্প লৈছে৷ অবিৰত প্রতিষ্ঠানবিৰোধী স্থিতি পৰিহাৰ কৰি সহযোগিতাৰ মনোভাবেৰে জনজাগৰণ সৃষ্টি কৰিছে৷ ইতিমধ্যে প্রতিযোগিতামূলক ৰাজনীতিয়ে মুছলমান সমাজক অপূৰণীয় ক্ষতি কৰিছে৷’ সংবাদ মেলত তেওঁ এইবুলিও কয় যে ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম–কাজৰ অধীনত ৰাজ্যৰ মুছলমানসকলকো অন্তর্ভুক্ত কৰা হৈছে৷ প্রধানমন্ত্রী আৱাস যোজনা, অৰুণোদয় আদিকে ধৰি প্রতিখন চৰকাৰী আঁচনিৰ সুবিধা মুছলমানসকলেও লাভ কৰিছে৷ দেশত পুনৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চৰকাৰ হ’ব৷ ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত হোৱা বিকাশ, উন্নয়নৰ প্রতি বিগত দুটা পর্যায়ত যিদৰে সঁহাৰি দিলে, সেইদৰে তৃতীয় পর্যায়ৰ চাৰিওটা সমষ্টিত বিজেপি আৰু মিত্রদলৰ মনোনীত প্রার্থীক ভোট দিবলৈ মুছলমান সমাজক আহ্বান জনায়৷ তেওঁ কয় যে যোৱা ২৪ এপ্রিলত নগাঁৱত মধ্য অসমৰ মৌলানাসকলৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়৷ যিখন বৈঠকত পাঁচ হাজাৰ মৌলানা একত্রিত হৈছিল৷ বৈঠকখনত বিজেপিৰ লগত থাকিবলৈ সিদ্ধান্ত লোৱা হৈছে বুলিও সদৰী কৰি কাছিমীয়ে ভীতিগ্রস্ত নহৈ বিজেপিক ভোট দিবলৈ মুছলমান সমাজক আহ্বান জনায়৷ আনহাতে, তেওঁলোকৰ এই সিদ্ধান্তক একাংশ কংগ্রেছৰ মৌলানাই সমালোচনা কৰিছে বুলিও তেওঁ উল্লেখ কৰে৷ সংবাদ মেলত সংগঠনটোৰ প্রচাৰ সম্পাদক মৌলানা এনামূল হকে কয় যে মুছলমানসকলে কংগ্রেছ আৰু এআইইউডিএফক সমর্থন কৰা বুলি কয়৷ কিন্তু তেওঁলোকে এনআৰচি, ডি ভোটাৰ, ভূমিহীনক ভূমিপট্টা প্রদান আদি সমস্যাৰ সমাধান নকৰিলে৷ কংগ্রেছে মুছলমানসকলক সমস্যাৰ মাজলৈ ঠেলি দিছিল৷ কংগ্রেছৰ সময়ত উৎকোচ নিদিয়াকৈ চাকৰি কোনেও লাভ কৰিব পৰা নাছিল৷ কিন্তু বর্তমানৰ চৰকাৰৰ কার্যকালত উৎকোচ নিদিয়াকৈ হিন্দু–মুছলমান সকলোৱে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে৷

You might also like