নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত গঁড়ৰ আক্ৰমণত বন বিভাগৰ হাতীসহ বনকৰ্মী আহত

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত এজন বনকৰ্মী গুৰুতৰভাৱে আহত হোৱাৰ ঘটনা সংঘটিত হৈছে। হাতীৰে নিয়মীয়া তহল দি থকাৰ সময়তে এজনী পোৱালি থকা গঁড়ে আক্ৰমণ কৰি আহত কৰে বনকৰ্মীজনক। জানিব পৰা অনুসৰি, উদ্যান খনৰ কঁহৰা বনাঞ্চলৰ বকপাৰা বনশিবিৰ এলেকাত নিয়মীয়া তহলৰ বাবে হাতীৰে মাউতসহ ওলাই গৈছিল পিংকু চন্দ্ৰ নাথ নামৰ বনকৰ্মীজন। তহলৰ সময়তে তেওঁলোক উঠি যোৱা হাতীটো এজনী পোৱালি থকা গঁড়ৰ মুখামুখী হয়। লক্ষণীয় যে, সাধাৰণতে পোৱালি থকা মাতৃ গঁড় অতি আক্ৰমণাত্মক হয়। গঁড়জনীয়ে হাতীটোক আক্ৰমণ কৰাত হাতীটো উধাতু খাই দৌৰ মাৰে। ফলত হাতীৰ পিঠিত উঠি থকা মাউত আৰু বনকৰ্মী পিংকু চন্দ্ৰ নাথ তললৈ সৰি পৰে। মাউতজন পুৰণি অভিজ্ঞতাৰে পুষ্ট হোৱাৰ বাবে কথমপি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও মাত্ৰ কিছুদিন পূৰ্বে নিযুক্তি লাভ কৰা বনকৰ্মী পিংকু চন্দ্ৰ নাথ গঁড় জনীৰ আক্ৰমণৰ বলি হয়। গঁড়জনীৰ উপৰ্যুপৰি আক্ৰমণত বনকৰ্মীজনে বুকু, পিঠি, হাত, ভৰিত গুতৰভাৱে আঘাত পায়। পৰৱৰ্তী সময়ত বনবিভাগে বনকৰ্মী জনক উদ্ধাৰ কৰি ছহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এপল’ হাস্পতাললৈ প্ৰেৰণ কৰে। গঁড়জনীৰ আক্ৰমণত বনবিভাগৰ হাতীটোও আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ কৰা হৈছে। বৰ্তমান লৈকে হাতীজনীৰ সন্ধান লাভ কৰা নাই। আনহাতে, বনকৰ্মী জনৰ হাতত থকা বন্দুকটোও বিচাৰি পোৱা নাই। বনবিভাগে অভিযান চলাই আছে। উল্লেখযোগ্য যে, কাজিৰঙাৰ বন্যজন্তুৰ স্বাৰ্থত প্ৰতিবছৰৰ দৰে এইবছৰো শেহতীয়াকৈ শুকান ঘাঁহনি জ্বলাই দিয়া হৈছে। যাৰ ফলত খাদ্য সংকট হোৱাৰ লগতে বন্যজন্তুবোৰ খঙাল হৈ পৰিছে। যাৰ বাবেই এই শোকাবহ ঘটনাটো সংঘটিত হ’ল বুলি চৰ্চিত হৈছে।

প্ৰেৰক ৰঞ্জিত ৰজক

You might also like