নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোলোংগুৰি চাহ বাগিচাৰ পানী টেংকীত সোমাল গিবনৰ হাতী পোৱালি : কথমপি প্ৰাণৰক্ষা

বিশেষ বাৰ্তা, ২৬ জুনঃ মৰিয়নিৰ হোলোঙাপাৰ গিবণ অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতী পোৱালি চাহ বাগিচাৰ পানী টেংকীত পৰি যোৱাৰ এক ঘটনা সংঘটিত হৈছে। অভয়াৰণ্যখনৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা বৃহৎ পাল হোলোংগুৰি চাহ বাগিচাত প্ৰৱেশ কৰে। আনদিনাৰ দৰে যোৱা নিশাও হাতীৰ পালটোৱে বিভিন্ন ঠাইত বিচৰণ কৰি পুৱতি নিশা গিবনলৈ উভতি আহোঁতে হাতী পালটোৰ এটা পোৱালি হাতী হোলোংগুৰি চাহ বাগিচাৰ এটা পানী টেংকীত কেনেবাকৈ সোমাই পৰে। ভোগদৈ নৈৰ পাৰত অৱস্থিত হোলোংগুৰি চাহ বাগিচাৰ ৯ নম্বৰ চেকচনত থকা পানী টেংকীটোত সোমাই পৰা হাতী পোৱালিটো পাৰলৈ উঠিবলৈ আপ্ৰান চেষ্টা কৰে যদিও বিফল হয়। সন্দেহ কৰা মতে, পালটোৰ আন হাতীয়েও পোৱালিটোক পাৰলৈ উঠাবলৈ চেষ্টা চলাইছিল যদিও সফল নহ’ল। আজি পুৱা বাগিচাখনৰ কর্মচাৰীয়ে টেংকীৰ পানীত সোমাই থকা হাতী পোৱালিটো প্ৰত্যক্ষ কৰি বাগিচাৰ পৰিচালকক খৱৰ দিয়ে। পিছত হোলোংগুৰি চাহ বাগিচাৰ গাঁওৰক্ষী বাহিনীৰ গনেশ পুৰাণ আৰু মেঘনাথ কালিন্দীয়ে বন বিভাগৰ লগত যোগাযোগ কৰি ঘটনা সম্পৰ্কে অৱগত কৰাত কিছু পলমকৈ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়। বন বিভাগৰ লোকৰ লগতে স্থানীয় লোকৰ সহযোগত অৱশেষত হাতী পোৱালিটো নিজেই উক্ত টেংকীটোৰ পৰা ওলাই আহিবলৈ সক্ষম হয়। উল্লেখ্য যে, ভোগদৈ নৈৰ পৰা পাম্পৰ সহায়ত পানী উঠাই এই টেংকীটোত প্রথমে জমা কৰি ৰখা হয়। মন কৰিবলগীয়া যে, যোৱা বর্ষৰ অক্টোবৰ মাহতো অভয়াৰণ্যখনৰ কাষৰীয়া দিহিঙীয়াপাৰ চাহ বাগিচাৰ এটা নলাত হাতী পোৱালি পৰিছিল। এই হাতী পোৱালিটোক পিছত বন বিভাগে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বেও এইদৰে চাহ বাগিচাৰ পানী টেংকী, পৰিত্যক্ত কুঁৱা আৰু খালত অভয়াৰণ্যখনৰ হাতী পোৱালি পৰাৰ দৰে একাধিক ঘটনা সংঘটিত হৈছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like