নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পর্যটকৰ বাবে সুখবৰ : কাজিৰঙাৰ হাতী ছাফাৰি ১০ মে’লৈ বৃদ্ধি

নিয়মীয়া বার্তা, ২৯ এপ্ৰিলঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পর্যটকৰ বাবে হাতী ছাফাৰি ১০ মে’লৈকে বৃদ্ধি কৰা হৈছে৷ উল্লেখ্য যে দুদিন পূর্বে কাজিৰঙা বন কর্তৃপক্ষই এক জাননীযোগে ১ মে’ৰ পৰা হাতী ছাফাৰি আৰু ১৬ মে’ৰ পৰা জীপ ছাফাৰি বন্ধৰ ঘোষণা কৰিছিল৷ কিন্তু, অনুকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজি আন এক জাননীযোগে হাতী ছাফাৰি ১০ মে’লৈকে বৃ্দ্ধি কৰাৰ কথা ঘোষণা কৰিছে৷ লক্ষ্যণীয় যে এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ অহা পর্যটকে সর্বকালৰ অভিলেখ ভংগ কৰিছে৷ বন বিভাগৰ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, চলিত বর্ষৰ মার্চ মাহলৈকে কাজিৰঙা দর্শন কৰা পর্যটকৰ সংখ্যা ৩১,১৪,৭৭৬গৰাকী৷ ইয়াৰে ৯,২০০গৰাকী বিদেশী পর্যটক৷
প্ৰেৰক ৰঞ্জিত ৰজক
You might also like