নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ মালয়বাৰীত আজি দিনৰ ভাগত এটি গঁড়ৰ মুক্ত বিচৰণৰ ফলত অঞ্চলবাসীৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ নিকটৱৰ্তী পবিতৰা অভয়াৰণ্যৰ পৰা কলং নৈ পাৰ হৈ ওলাই আহে গঁড়টো ৷ গঁড়টোৰ পথাৰত মুক্ত বিচৰণৰ ফলত পথাৰত কৰ্মৰত খেতিয়কৰ লগতে পথাৰত চৰি থকা পোহনীয়া জন্তুবোৰৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ গঁড়টোক পুনৰ পবিতৰা অভয়াৰণ্যলৈ খেদি পঠিয়াবৰ বাবে স্থানীয় লোকে পবিতৰা বনাঞ্চলিক বিষয়াৰ লগত যোগাযোগ কৰাত উক্ত স্থানত এটা বনকৰ্মীৰ দল উপস্থিত হৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ বাতৰি লিখা পৰলৈকে গঁড়টোক পবিতৰা অভয়াৰণ্যলৈ খেদি পঠিয়াব পৰা নাই ৷
প্ৰেৰক ৰমেশ দাস