বিশিষ্ট লেখিকা তোষপ্রভা কলিতাৰ বিয়োগ
নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ বিশিষ্ট মানৱতাবাদী আৰু প্রগতিশীল লেখিকা, শিশু সাহিত্য ৰচনাৰ ক্ষেত্রত জীৱনজোৰা সাধনাৰ বাবে ২০১৩ চনত সাহিত্য অকাডেমি বঁটাপ্রাপক তোষপ্রভা কলিতাৰ শুকুৰবাৰে আবেলি প্রায় ৫ বজাত গুৱাহাটীৰ দক্ষিণ শৰণীয়া অঞ্চলৰ নিজ বাসগৃহত বিয়োগ ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ৷
বৈজ্ঞানিক মানসিকতাৰে প্রগতিশীল জীৱন দর্শন সাবটি লোৱা মানৱতাবাদী লেখিকাগৰাকীয়ে পূর্বতে হূদৰোগত দুবাৰকৈ আক্রান্ত হৈ দীর্ঘদিন অসুস্থ হৈ আছিল৷ প্রয়াত কলিতাই দুগৰাকী কন্যা ক্রমে পল্লৱী আৰু পূৰবী, কটন বিশ্ববিদ্যালয়ৰ শিক্ষক পুত্র ঋতুৰাজ কলিতা আৰু কনিষ্ঠ পুত্র পৰজ কলিতা, জোঁৱাই–বোৱাৰী, নাতি–নাতিনী আত্মীয়–স্বজন আৰু বহু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ গৈছে৷
উল্লেখ যে নগাঁও জিলাৰ পুৰণিগুদামত ১৯৩৮ চনত জন্মলাভ কৰিছিল প্রয়াত তোষপ্রভা কলিতাই৷ তেওঁৰ উল্লেখনীয় সাহিত্য সৃষ্টিসমূহৰ অন্যতম কবিতা পুথি হৈছে ‘বিশ্ব ৰূপা’ (১৯৭৫), ‘অভিজ্ঞান লিপি’ (১৯৮০) আৰু ‘নির্বাচিত কবিতা’ (১৯৯৭)৷ তদুপৰি ‘পৃথিৱী আমাৰ ঘৰ’, ‘ৰং ঘৰ’, ‘ফুলনি’ আৰু ‘ইৰিকতি মিৰিকতি’ তেওঁৰ অন্যতম শিশু সাহিত্য পুথি৷ ১৯৫০ চনত ‘হে মহাজীৱন’ নামৰ চুটি গল্প আৰু ১৯৯৬ চনত ‘তত্ব চান’ নামৰ এখন উপন্যাস তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল৷ তেওঁ ৰচনা কৰা একমাত্র উপন্যাস হৈছে ‘শয্যাশায়ী’৷ ২০০২ চনত প্রকাশ পোৱা এই উপন্যাসখন অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছিল আৰু পাঠকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছিল৷ ইলোৰা বিজ্ঞান মঞ্চই কলিতাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে আৰু শ্রদ্ধাঞ্জলি নিবেদন কৰিছে৷ ইলোৰা বিজ্ঞান মঞ্চৰ প্রতিষ্ঠা কালৰ পৰা প্রয়াত কলিতা আৰু তেওঁৰ জী–জোঁৱাই, পুত্র–বোৱাৰীয়ে মঞ্চৰ সৈতে একাত্মভাৱে জড়িত আছিল৷
সমগ্র পৰিয়ালটো বৈজ্ঞানিক মানসিকতা প্রসাৰ তথা অন্ধবিশ্বাসবিৰোধী প্রতিটো কামৰ লগত নিবিডভাৱে জডিত৷ প্রয়াত কলিতাই আনকি তেওঁৰ সাহিত্যিক পেন্সনৰ সঞ্চিত ধনৰাশিৰ সিংহভাগ (মুঠ তিনি লাখ টকা) ইলোৰা বিজ্ঞান মঞ্চৰ পুঁজিলৈ দান দি যায়৷ তেওঁ মানৱ কল্যাণ আৰু চিকিৎসা বিজ্ঞানৰ উৎকর্ষৰ বাবে মৰণোত্তৰ নেত্রদান আৰু দেহদানৰ ইচ্ছাপত্রতো স্বাক্ষৰ কৰি ৰাখিছিল৷