নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্রট’কলৰ মাজেৰে আৰম্ভ হ’ল পাঠদান

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পর্যায়ক্রমে আৰম্ভ হৈছে পাঠদান৷ শুকুৰবাৰৰে পৰা নৱম শ্রেণী, স্নাতক আৰু স্নাতকোত্তৰ, পলিটেকনিক, শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়, কাৰিকৰী প্রতিষ্ঠানসমূহৰ সকলো শ্রেণীৰ পাঠদান নিয়মীয়াভাৱে আৰম্ভ হৈছে৷

ক’ভিড প্রট’কলৰ মাজেৰে এইসমূহ শ্রেণীৰ পাঠদান আৰম্ভক কৰা হৈছে৷ ইতিমধ্যে এই শ্রেণীসমূহৰ পাঠদানৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছে৷ সেই অনুসৰি শ্রেণীসমূহত শিক্ষার্থীৰ উপস্থিতি বাধ্যতামূলক নহয়৷ নিয়মীয়াভাৱে পাঠদানত উপস্থিত থাকিবলৈ অনিচ্ছুক শিক্ষার্থীৰ বাবে শিক্ষানুষ্ঠানসমূহে অব্যাহত ৰাখিব লাগিব অনলাইন পাঠদান৷ বিদ্যালয়সমূহত পাঠদান আৰম্ভ হ’লেও কোনো ধৰণৰ সভা–সমিতি অথবা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব৷ প্রতিটো শ্রেণীৰ এটা শাখাত সর্বাধিক ৩০জন ছাত্র–ছাত্রীকহে বহাৰ অনুমতি প্রদান কৰা হৈছে৷ অতিৰিক্ত শিক্ষার্থীৰ বাবে সুকীয়া শাখাৰ ব্যৱস্থা কৰিব লাগিব৷

উল্লেখ্য যে ক’ভিডৰ সংক্রমণ ৰাজ্যত ক্রমান্বয়ে হ্রাস পোৱাৰ প্রতি লক্ষ্য ৰাখি যোৱা ৬ ছেপ্টেম্বৰৰ পৰা দশম, দ্বাদশ, স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বর্ষৰ পাঠদান আৰম্ভ কৰা হৈছে৷ আনহাতে প্রথম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ নিয়মীয়া পাঠদান অহা ১৯ অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ কৰা হ’ব৷ ইয়াৰ বাবেও সুকীয়া এছ অ’ পি ৰাজ্য চৰকাৰে প্রকাশ কৰিছে৷

You might also like