নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীভূমিৰ এলপি স্কুলৰ ছাত্ৰৰ পকেটৰ পৰা ড্ৰাগছৰ খালী কণ্টেইনাৰ উদ্ধাৰ

নিয়মীয়া বার্তা, ২২ ডিচেম্বৰ : প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ পৰা উদ্ধাৰ হৈছে ড্ৰাগছৰ খালী কন্টেনাৰ। বিদ্যালয়ৰ শিক্ষকৰ ৰুটিন তালাচীত ছাত্ৰজনৰ পকেটৰ পৰা ড্ৰাগছ খালী কন্টেনাৰ উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীক খবৰ দিয়া হয়। ঘটনাটো সংঘটিত হৈছে শ্ৰী ভূমি জিলাৰ ৰামকৃষ্ণনগৰ শিক্ষা খণ্ডৰ এখন নিম্ন প্ৰাথমিক বিদ্যালয়ত। এসময়ত হিন্দী চিনেমাৰ পৰ্দাত দেখা গৈছিল ড্ৰাগছ ব্যৱসায়ৰ কাহিনী। পিছলৈ দিল্লী, মুম্বাই আদি ডাঙৰ চহৰত ড্ৰাগছ জব্দ কৰাৰ খবৰ আহিবলৈ ধৰিলে। কিন্তু আজিকালি সমগ্ৰ দেশতে ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ ফলত কেন্দ্ৰকে ধৰি ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। শেহতীয়াকৈ শ্ৰীভূমিৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাসৰ সফল নেতৃত্বত বিভিন্ন অভিযানত কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। বহু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।  তদুপৰি সমাজ ধ্বংস কৰা নিচাৰ প্ৰাদুৰ্ভাৱ কমি যোৱা নাই। এতিয়া দুৰ্গম গ্ৰাম্য অঞ্চলতো বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা।  অবৈধ ড্ৰাগছৰ সেৱনৰ বাবে বহু পৰিয়াল ধ্বংস হৈ পৰিছে। বৰ্তমান সময়ত ড্ৰাগছৰ সেৱন সমগ্ৰ সমাজত এনেদৰে বিয়পি পৰিছে যে স্কুলৰ কনমানি ছাত্ৰৰ পকেটৰ পৰা ড্ৰাগছৰ খালী কন্টেনাৰ উদ্ধাৰৰ দৰে ঘটনা সংঘটিত হৈছে ৰামকৃষ্ণনগৰ শিক্ষা খণ্ডৰ ৭৬৩নং মাগুৰাছড়া নিম্ন প্ৰাথমিক বিদ্যালয়ত। প্ৰধান শিক্ষক বিজয় প্ৰসাদ যাদৱে কয় যে আজি নিয়মীয়াকৈ তালাচী চলোৱাৰ সময়ত বিদ্যালয়খনৰ এজন ছাত্ৰৰ পকেটৰ পৰা ড্ৰাগছৰ খালি কন্টেনাৰ উদ্ধাৰ হৈছে। ফলতে বিভাগীয় চি আৰ চি চি ৰ লগতে পৰিচালনা সমিতিক অৱগত কৰা হয়। ছাত্ৰজনে অৱশ্যে খেলিবলৈ বিদ্যালয়ৰ সন্মুখৰ পৰিত্যক্ত ঘৰৰ পৰা খালী কৌটা সংগ্ৰহ কৰি পকেটত ভৰাই ৰাখিছিল। কিন্তু ভিতৰুৱা গাঁৱত ড্ৰাগছ আসক্ত থকাটোৱে সকলোকে চিন্তাত পেলাইছে । ফলত স্থানীয় আৰক্ষীক খবৰ দিয়া হয়। লগে লগে নিভিয়া আৰক্ষীয়ে বিদ্যালয়ত উপস্থিত হৈ খালী‌ কন্টেনাৰ জব্দ কৰি স্কুলৰ সম্মুখত থকা পৰিত্যক্ত ঘৰত তালাচী চলায়, আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like