নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩,৪০০ কোটিৰে শক্তিশালী কৰা হ’ব শক্তি বিভাগৰ আন্তঃগাঁথনি

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ বিদ্যুৎ মাচুল অনাদায়, বিদ্যুৎ চুৰি ঘটনা ৰোধ কৰিবলৈ অচিৰেই চৰকাৰী কার্যালয়ত সংযোগ কৰা হ’ব প্রি–পেইড মিটাৰ৷ শক্তি বিভাগৰ হৈ আজি বিধানসভাত এই কথা ঘোষণা কৰিলে উদ্যোগ–বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ বিধানসভাত আজি অধ্যক্ষৰ উদ্যোগত শক্তি বিভাগৰ ওপৰত হোৱা আলোচনাৰ উত্তৰ প্রদান কৰি মন্ত্রী পাটোৱাৰীয়ে ইয়াকো উল্লেখ কৰে যে কেৱল চৰকাৰী বিভাগসমূহতে নহয়, ৫০ হাজাৰ প্রাথমিক বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্রতো প্রি–পেইড মিটাৰ স্থাপন কৰা হ’ব৷ আনহাতে এছিয়ান ডেভেলপমেণ্ট বেংকৰ ৩,৪০০ কোটি টকা অর্থ–সাহায্যৰ জৰিয়তে শক্তি বিভাগৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে প্রয়োজনীয় আঁচনি গ্রহণ কৰা হৈছে বুলি জানিবলৈ দি মন্ত্রী পাটোৱাৰীয়ে কয় যে ৰাজ্যৰ বিভিন্ন এলেকা তথা গাঁও অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হোৱাৰ মূল কাৰণ হৈছে ট্রেন্সফর্মাৰৰ বিজুতি৷

বর্তমান ৰাজ্যত ৯,৩০০ ট্রেন্সফর্মাৰ কার্যকৰী হৈ আছে যদিও আজিৰ দিনটোত পুনৰ ৯,০০০ ট্রেন্সফর্মাৰৰ প্রয়োজন আছে৷ ইতিমধ্যে ৫,০০০ ট্রেন্সফর্মাৰৰ বাবে নিবিদা দিয়া হৈছে৷ মন্ত্রীগৰাকীয়ে কয়– অসমে বিভিন্ন উৎসৰ পৰা ৩৬৭ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বিপৰীতে বিদ্যুতৰ প্রতিদিনৰ চাহিদা ২,০৩২ মেগাৱাট৷ কিন্তু নিজা উৎপাদন নহ’লেও পর্যাপ্ত বিদ্যুৎ যোগান অব্যাহত ৰাখিবলৈ সক্ষম গৈছে এ পি ডি চি এলে৷ ইয়াৰ পূর্বে শক্তি বিভাগৰ আজি আলোচনাত অংশ লৈ কংগ্রেছৰ বিধায়ক ভৰত নৰহে কয় যে অসমে নিজাকৈ আৰু উত্তৰ–পূবৰ পৰা ১,০০০ মেগাৱাট লাভ কৰে আৰু বহিঃৰাজ্যৰ পৰা ৭০০ মেগাৱাটৰ পৰা ৫০০ মেগাৱাট বিদ্যুৎ ক্রয় কৰে৷ কিন্তু বহিঃৰাজ্যৰ পৰা অনা এই বিদ্যুতৰ মূল্য সংশ্লিষ্ট ৰাজ্যখনে নির্ধাৰণ কৰে৷ যাৰ বাবে অধিক হাৰত বিদ্যুৎ ক্রয় কৰিব লগা হয় অসমে৷

আনহাতে বি পি এফৰ বিধায়ক দুর্গাদাস বড়োৱে কয় যে অসমে বিদ্যুৎ উৎপাদন বৃদ্ধি কৰাটো দূৰৰ কথা, উৎপাদন হ্রাসহে পাইছে৷ কিন্তু ইয়াৰ বিপৰীতে বৃদ্ধি পাইছে বিদ্যুতৰ চাহিদা৷ ২০০৯ চনত বিদ্যুতৰ চাহিদা আছিল ৯০০ মেগাৱাট আৰু উৎপাদন হৈছিল ২৫০ মেগাৱাট৷ এই ছবিখনৰ লগত তুলনা কৰিলে দেখা পাওঁ যে বর্তমানৰ উৎপাদন ৩৫০ মেগাৱাট আৰু চাহিদা ২,০০০ মেগাৱাট৷ স্বাভাৱিকতে শক্তি বিভাগটোৱে যে চাহিদা অনুযায়ী বিদ্যুৎ উৎপাদন বৃদ্ধি কৰিব পৰা নাই সেয়া স্পষ্ট৷ ইয়াৰ উত্তৰত মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে বিদ্যুতৰ চাহিদা বৃদ্ধি আগলৈও হৈ থাকিব৷ সেয়েহে জলবিদ্যুৎ প্রকল্পৰ প্রতি সকলোৱে সমর্থন দিব লাগে৷ সমান্তৰালভাৱে বিদ্যুৎ বিল আদায়ৰ ক্ষেত্রত এ পি ডি চি এলক বিধায়কসকলে সহযোহ তথা সকলো ধৰণৰ সহায় কৰিব লাগিব৷ বর্তমান শক্তি উৎপাদনৰ ক্ষেত্রত গেছ প্রকল্পই সর্বাধিক গুৰুত্ব লাভ কৰিছে৷ গতিকে লাকুৱা

তাপবিদ্যুৎ প্রকল্পই হওক বা গেছভিত্তিক আন প্রকল্পই হওক, চৰকাৰে গেছ যোগান অচিৰেই পর্যাপ্ত কৰিবলৈ সক্ষম হ’ব৷ বাৰাউনীৰ পৰা গেছ পাইপেৰে অচিৰেই গুৱাহাটী শোধনাগাৰলৈ গেছ আহিব৷ পৰৱর্তী সময়ত এই গেছ ৰাজ্যৰ আন তিনিটা শোধনাগাৰলৈ পঠিয়াব পৰা যাব৷ ইয়াৰ দ্বাৰা চাহ বাগিচাসমূহতো গেছ যোগান স্বাভাৱিক হ’ব৷ এই আলোচনাত বিধায়ক প্রদীপ হাজৰিকা, ৰমেন্দ্র নাৰায়ণ কলিতা, আমিনুল ইছলাম, বিদ্যাছিং ইংলেং, ছিদ্দিক আহমেদ, অজয় ৰায়, অমিয় ভূঞা, ৰূপেশ গোৱালা, ছুজামুদ্দিন লস্কৰ, অখিল গগৈ, জয়ন্ত বসুমতাৰী, মৃণাল শইকীয়া, ৰফিকুল ইছলাম আৰু শ্বেৰমান আলীয়ে অংশ লৈ নিজ নিজ বক্তব্য দাঙি ধৰে৷

You might also like