নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাংখেড়েত মেচ উপভোগ ইংলেণ্ডৰ ডেভিদ বেকহামৰ

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি আছে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত দুয়োটা দলৰ মাজত চলি আছে হাইভল্টেড খেলখন। ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। এইদৰে টীম ইণ্ডিয়াই প্ৰথমে বেটিং কৰিছে। একে সময়তে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়াম বহু চেলিব্ৰিটীৰে ভৰি আছে। য’ত ক্ৰিকেট, ফুটবলকে ধৰি আন বহু ক্ষেত্ৰৰ বিখ্যাত ব্যক্তিবোৰে খেলখন চাই আছে। খেলখন চাবলৈ ইংলেণ্ডৰ প্ৰাক্তন ফুটবলাৰ ডেভিদ বেকহাম উপস্থিত হৈছে। ইয়াৰ উপৰি ৱাংখেড়েৰ বেলকনিত উপস্থিত ভাৰতীয় প্ৰাক্তন ছুপাৰষ্টাৰ শচীন তেণ্ডুলকাৰ। লগতে ভাৰত-নিউজিলেণ্ডৰ ছেমিফাইনেল চাবলৈ আহিছে বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ। ইয়াৰ বাহিৰে আন খেলপথাৰৰ বহু পৰিচিত মুখ ষ্টেডিয়ামত উপস্থিত থাকে। ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলি, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাডেজা আৰু সূৰ্যকুমাৰ যাদৱৰ পত্নীয়ে খেলখন চাই আছে ষ্টেডিয়ামত।

#বাৰ্তা ডেস্ক

You might also like