নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত আন্তঃক্লাব ছিনিয়ৰ ডিভিজন ফুটবলত এভাৰগ্ৰীন চূড়ান্ত বিজয়ী

নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ ধুবুৰী ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আজি অনুষ্ঠিত হোৱা আন্তঃক্লাব চিনিয়ৰ ডিভিজন ফুটবল লীগৰ চূড়ান্ত খেলখনত ধুবুৰীৰ এভাৰগ্ৰীণ ক্লাবক চূড়ান্ত বিজয়ী বুলি ঘোষণা কৰা হয়। উল্লেখ্য যে, আজিৰ চূড়ান্ত খেলখনৰ প্ৰথমাৰ্দ্ধত দুয়োটা দলেই এটাকৈ গ’ল দিছিল। দ্বিতীয়াৰ্দ্ধৰ প্ৰায় শেষৰ ফালে এভাৰগ্ৰীণ ক্লাবে টাউন ক্লাবৰ খেলুৱৈৰ ফাউলৰ বিপৰীতে ৰেফাৰীয়ে প্ৰদান কৰা ফ্ৰী-কিকৰ সুবিধা লৈ দ্বিতীয়টো গ’ল দিছিল। কিন্তু ৰেফাৰীয়ে লাইনচমেনৰ অফচাইড চিগনেললৈ লক্ষ্য নকৰি পোনে পোনে গ’ল দিয়া বুলি ৰেফাৰীৰ ওপৰত খৰ্গহস্ত হৈ পৰিছিল টাউন ক্লাবৰ খেলুৱৈসকল। ৰেফাৰীয়ে ভূল সিদ্ধান্ত দিয়াৰ প্ৰতিবাদত খেলপথাৰ ত্যাগ কৰিছিল দলটোৱে আৰু অন্তত ৰেফাৰীয়ে ২-১ গোলত এভাৰগ্ৰীণ ক্লান্ত বিজয়ী ঘোষণা কৰিছিল। ইয়াতে উল্লেখনীয় যে, ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ আজিৰ চূড়ান্ত খেলখনত ৩০ টকা প্ৰৱেশ মূল্য ধাৰ্য্য কৰিছিল জিলা ক্ৰীড়া সন্থাই। সেয়ে দুপৰীয়া ৩ মান বজাৰ পৰাই খেলপথাৰখনৰ দুযোকাষৰ ব্যস্ত ৰাজপথ বাঁহেৰে বন্ধ কৰি দিয়া হৈছিল। ফলত আজিৰ চৰকাৰী কাৰ্যালয় খোলাৰ দিনটোত অঞ্চলটোত থকা ষ্টেট বেংকৰ মূল শাখাকে ধৰি চক্ৰ বিষয়াৰ কাৰ্যালয়, আদালত, জিলা উপায়ুক্তৰ কাৰ্যালয় আদিকে ধৰি খেলপথাৰখনৰ কাষতে থকা অন্যান্য কাৰ্যালয়লৈ ধুবুৰী বাহিৰৰ পৰা অহাযোৱা কৰা একাংশ লোক একাংশ চৰম অসুবিধাত পৰাও পৰিলক্ষিত হৈছিল। ইপিনে আজিৰ সেই চূড়ান্ত খেলখন আধাতে বন্ধ হৈ পৰাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰা দেখা গৈছিলএকাংশ দৰ্শক। সেই লোকসকলে টিকটৰ ধন ওভতাই বিচাৰি হুলুস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছিল যদিও আৰক্ষী-চিআৰপিএফৰ দলৰ হস্তক্ষেপত উত্তেজনাৰ শাম কাটিছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like