নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াত PMAY হিতাধিকাৰীৰ নাম কৰ্তন

নিয়মীয়া বাৰ্তা, ৪ আগষ্ট : বৰপেটাৰ জনিয়া সমষ্টিৰ চকচকা উন্নয়ন খণ্ডৰ অন্তৰ্গত মাদুলিঝাৰ গাঁও পঞ্চায়তৰ ১২৮ হিতাধিকাৰীৰ নাম প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহৰ তালিকাৰ পৰা কৰ্তন কৰা কাৰ্য্যই হতভম্ব কৰি তুলিছে দৰিদ্ৰ পৰিয়ালৰ লোক সকলৰ মাজত। যাক লৈ উক্ত গাওঁ খনৰ শতাধিক পুৰুষ-মহিলা হিতাধিকাৰীয়ে আজি সৰুহৰিদ বজাৰত একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। জানিব পৰা মতে চকচকা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত হিতাধিকাৰী সকলে প্ৰয়োজনীয় যাৱতীয় নথি-পত্ৰ জমা দিয়াৰ পিছতো কি কাৰণত খণ্ড উন্নয়ন বিষয়া বিপুল ডেকাই হিতাধিকাৰী সকলৰ নাম কৰ্তন কৰিছে তাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। হিতাধিকাৰী সকলৰ নাম বাহাল ৰাখি অতি শীঘ্ৰেই গৃহ নিৰ্মাণৰ বাবে ধন আৱন্টন দিয়াৰ দাবী জনাইছে বঞ্চিত হিতাধিকাৰী সকলে। অন্যথাই চকচকা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বিপুল ডেকাৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ উপৰিও আইনৰ কাষ চপাৰ ভাবুকি প্ৰদান কৰিছে বঞ্চিত হিতাধিকাৰীৰ সকলে। বৰপেটা জিলাৰ উপায়ুক্তই বঞ্চিত বৈধ হিতাধীকাৰী সকলক গৃহ আবন্টন দিয়াৰ নিৰ্দেশ দিছে যদিও খণ্ড উন্নয়ন বিষয়া বিপুল ডেকাই কোনো ধৰণৰ কাণসাৰ নিদিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰী সকলে।

প্ৰেৰক মফিদুল ইছলাম

You might also like