নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম গুৱাহাটীৰ ৰাণীত উচ্ছেদ প্ৰশাসনৰ

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ : মণিপুৰত প্ৰায় ছয় মাহ ধৰি চলি থকা গোষ্ঠী সংঘৰ্ষৰ প্ৰভাৱ যেন পশ্চিম গুৱাহাটীতো পৰিছে। কিয়নো বিগত দিনকেইটাত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ অসম-মেঘালয় সীমান্তৰ মৈৰাপুৰকে ধৰি কাষৰীয়া অঞ্চলত বহু নগা, মণিপুৰী পৰিয়ালে মাটি বেদখল কৰি বা দালাল প্ৰকৃতিৰ লোকৰ পৰা মাটি কিনি বসতি স্থাপন কৰা দেখা গৈছে। ইয়াৰ মাজতে আজি কামৰূপ জিলা প্ৰশাসনৰ হৈ পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিমাদ্ৰী বৰাৰ নেতৃত্বত এক উচ্ছেদ অভিযান চলোৱা হয়। অভিযান কালত ৰাণী মৈৰাপুৰ গাঁৱত চৰকাৰী ভূমি বেদখল কৰি অবৈধভাৱে বসতি স্থাপন কৰা তিনিটা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰা হয়। অভিযান চলায়। অসম আৰক্ষী, চি আৰ পি এফৰ বিশাল বাহিনী লগত লৈ পুৱা ৮ বজাৰপৰা আৰম্ভ কৰা এই উচ্ছেদ অভিযানৰ বিয়লি সামৰণি পৰে। অভিযানত কালত তিনিওটা পৰিয়ালৰ বিলাসী ঘৰ, চৌহদৰ দেৱাল, গছ–গছনি সম্পূৰ্ণৰূপে ধ্বংস কৰা হয়। জিলা প্ৰশাসনৰ সূত্ৰই সদৰি কৰা অনুসৰি মৈৰাপুৰৰ উচ্ছেদিত পৰিয়াল কেইটাই সম্পূৰ্ণৰূপে চৰকাৰী ভূমিত ঘৰ–দুৱাৰ নিৰ্মাণেৰে বসতি স্থাপন কৰিছিল। পৰিয়ালকেইটা অসমৰ কোনো খিলঞ্জীয়া জনগোষ্ঠী বা ভূমিপুত্ৰও নাছিল। বৰঞ্চ তেওঁলোক আছিল নগা আৰু কুকি জনগোষ্ঠীৰ লোকহে। অঞ্চলটোৰ ৰাইজে কৰা অভিযোগ অনুসৰি ৰাণী অঞ্চলটোত সম্প্ৰতি বহিৰাগত ন’গা, মণিপুৰী, কুকি আদি লোকৰ প্ৰৱেশ ঘটিছে। অঞ্চলটোত ইতিমধ্যে বহুসংখ্যক পৰিয়ালে বিভিন্ন উৎসৰ জৰিয়তে মাটি ক্ৰয় কৰি ঘৰ–দুৱাৰ সাজি বসতি কৰি আছে। কিছুদিন পূৰ্বে অঞ্চলটোৰ একাংশ সচেতন লোকে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক অভিযোগ দাখিল কৰি এই বহিৰাগত লোকৰ অবৈধ বসতি সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি দি বিধায়ক কলিতাই পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক এই সন্দৰ্ভত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। অবশেষত তদন্তত বেদখল কৰাটো নিশ্চিত হোৱাৰ পাছত উচ্ছেদ অভিযান চলোৱা হয়। উল্লেখ্য যে অঞ্চলটোত শতাধিক পৰিয়ালে এতিয়াও এনেদৰে দুৱাৰ–দুৱাৰ সাজি বসতি কৰি আছে। আজি উচ্ছেদ অভিযানৰ সময়ত উপস্থিত চক্ৰ বিষয়াক অঞ্চলটোৰ লোকসকলে বেদখল কৰি থকা আন পৰিয়াল সমূহৰ ওপৰতো বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়।

প্ৰেৰক অমল কলিতা

You might also like