নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চতিয়া মৌজাৰ তিনিটাকৈ স্থানত আজি পুৱাৰ ভাগৰে পৰা বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত বেদখলকাৰীৰ বিৰুদ্ধে চলিল উচ্ছেদ অভিযান ৷ জিলা প্ৰশাসন, স্থানীয় প্ৰশাসন আৰু আৰক্ষী বাহিনীৰে সুসজ্জিত দলটোৱে মিলনপুৰৰ ১৪নং গোপচাৰত ৩৮ ঘৰ, ১৯৬নং দাগৰ চৰাইজনীয়াৰ ১৬ ঘৰ আৰু চলাহোলাৰ জলসিঞ্চন নলাৰ কাষৰ ৩২৫নং দাগৰ ১৫ ঘৰকে ধৰি মুঠ ৬৯টা ঘৰ জে চি বিৰে ভাঙি পেলায় ৷
উল্লেখ্য যে অঞ্চলকেইটাৰ চৰকাৰী মাটি বেদখল কৰি বসবাস কৰা কেইটামান বংগমূলীয় মুছলমান পৰিয়ালে দীৰ্ঘদিনৰে পৰা অসামাজিক কাৰ্যকলাপ চলাই আহিছিল ৷ যোৱা বৰ্ষৰ অক্টোবৰ মাহৰ ১০ তাৰিখে সাধাৰুত অনুষ্ঠিত হোৱা লক্ষ্মীপূজাৰ মেলাত অঞ্চলটোৰ বংগমূলীয় চহৰ আলীৰ পৰিয়ালে নৃশংস আক্ৰমণ চলাই হত্যা কৰিছিল চতিয়াৰ নুৰপুৰৰ গৰিয়া সম্প্ৰদায়ৰ যুৱক টুৱেল আলীক ৷ ঘটনাটোক লৈ উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে যোৱা ২৮ ডিচেম্বৰৰ দিনা চতিয়াৰ সাপ্তাহিক বজাৰত পুনৰ অবৈধ দখলকাৰী বংগমূলীয় চহৰ আলীৰ পৰিয়ালৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মৃত টুৱেল আলীৰ পৰিয়ালৰ চাৰিজন সদস্য ৷
চতিয়াত অবৈধ দখলকাৰী বংগমূলীয়ৰ অসামাজিক কাৰ্যত অতিষ্ঠ হৈ পৰা দল-সংগঠনসমূহে চতিয়া নাগৰিক সভাৰ উদ্যোগত যোৱা ২৯ ডিচেম্বৰত এখন ৰাজহুৱা সভা আহ্বান কৰি চৰকাৰী মাটি বেদখল কৰি অঞ্চলটোত অসামাজিক কাৰ্যকলাপ চলোৱা পৰিয়ালকেইটাক উচ্ছেদৰ দাবী তোলে ৷ সভাত উপস্থিত থকা নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই চতিয়াত শান্তি-সম্প্ৰীতি বিনষ্ট কৰা বেদখলকাৰীৰ বিৰুদ্ধে গৰজি উঠাৰ লগতে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে৷ অঞ্চলটোত থিতাপি লোৱা বংগমূলীয় পৰিয়ালকেইটাই চুৰি, ডকাইতি, নিচাযুক্ত দ্ৰব্যৰ প্ৰচলনেৰে পৰিৱেশ বিনষ্ট কৰি আহিছিল বুলিও খিলঞ্জীয়া লোকসকলে প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৷
চৰকাৰী মাটি বেদখলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা প্ৰশাসনৰ ফালৰ পৰা চলাহোলাৰ বেদখলকাৰী পৰিয়ালকেইটাক আঁতৰি যাবলৈ যোৱা ২৯ জানুৱাৰীত জাননী প্ৰেৰণ কৰাৰ লগতে চৰাইজনীয়াৰ পৰিয়ালকেইটালৈ ১২ জানুৱাৰীত জাননী প্ৰেৰণ কৰে ৷ জাননী পোৱাৰ পিছতে বেদখলকাৰী পৰিয়ালকেইটাই সা-সম্পদ লৈ সেই স্থান ত্যাগ কৰে ৷
আজিৰ উচ্ছেদ অভিযানত প্ৰশাসনৰ তৰফৰ পৰা বেদখলকাৰীৰ গৃহসমূহ ভাঙি পেলোৱা হয়৷ বেদখলকাৰী লোকসকল স্বইচ্ছাই আঁতৰি যোৱাত শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সমাপ্ত হয়৷ বৃহত্তৰ চতিয়াবাসীয়ে বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযানক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে ৷
নিয়মীয়া বাৰ্তা, চতিয়া, ৯ মাৰ্চ :