বিশেষ বাৰ্তা, ১৭ আগষ্ট : পূৰ্ব নিৰ্ধাৰিত অনুসৰিয়েই আজি পুৱাই বেদখলকাৰীৰ বিৰুদ্ধে বিশ্বনাথত আৰম্ভ হ’ল বহু প্ৰত্যাশিত উচ্ছেদ অভিযান। ইতিমধ্যে বিশ্বনাথৰ ননকে জাপৰিৰ ১৭৫ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে কুৰিখনকৈ বুলড’জাৰ আৰু সহস্ৰাধিক আৰক্ষীয়ে কৰ্তব্য অব্যাহত ৰাখিছে। উল্লেখ্য যে যোৱা ২ আগষ্টত বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা উচ্ছেদৰ জাননীৰ নিৰ্ধাৰিত দিন অন্ত পৰাৰ পিছতেই বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ ৩০৯টা পৰিয়ালে ইতিমধ্যে বাসগৃহৰ সামগ্ৰী আন আন নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে। চৰকাৰীভাৱে বেদখলকাৰীক স্থান ত্যাগ কৰিবলৈ মাইকযোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰাৰ পিছত আজি বুলড’জাৰ চলোৱা হৈছে। এফালৰ পৰা বুলডজাৰেৰে ভাঙি গৈছে ঘৰ-দুৱাৰ আদি। চাৰিটাকৈ জ’নত ভাগ কৰা উচ্ছেদ অভিযানত অংশ লৈছে জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভাশিস বৰুৱাই। জিলাৰ এই দুই শীৰ্ষ আমোলাই প্ৰত্যক্ষভাৱে নেতৃত্ব দিয়া উচ্ছেদ অভিযানটোত দুটা জ’নত এজনকৈ অতিৰিক্ত আয়ুক্তৰ লগতে ৬জনকৈ কাৰ্যবাহী দণ্ডাধীশে সমগ্ৰ উচ্ছেদ কাৰ্য পৰিচালনা অব্যাহত ৰাখিছে। উল্লেখ্য যে অঞ্চলটোৰ চৰকাৰী আঁচনিৰ অন্তৰ্গত দুটাকৈ অংগনৱাড়ী কেন্দ্ৰ, স্কুল, অমৃত সৰোবৰ আদিৰ বাহিৰে বাকী চাহ বাগিচা, মছজিদ, কবৰস্থান আদিত উচ্ছেদ চলিব। উল্লেখ্য যে জিলাখনৰ বেদখলকাৰীৰ কবলত প্রায় ৫৬ হাজাৰ বিঘা চৰকাৰী ভূমি। কেৱল বিশ্বনাথ ৰাজহ চক্ৰতেই প্ৰায় ৪৪ হাজাৰ বিঘা ভূমি কুক্ষিগত কৰি ৰাখিছে বেদখলকাৰীয়ে। আজিৰ উচ্ছেদ অভিযানে বিশ্বনাথৰ এটা নগণ্য অংশহে সামৰি লৈছে। এতিয়াও বহু অঞ্চল বেদখলমুক্ত হ’বলৈ বাকী আছে। অৱশ্যে আজি বিয়লি ৪ বজাৰ পিছত দিনটোৰ উচ্ছেদ অভিযান স্থগিত ৰখা হৈছে। কাইলৈ একেটা স্থানতে পুনৰ চলিব উচ্ছেদ অভিযান। ইফালে, ননকে জাপৰিগুৰিত থকা মছজিদটো উচ্ছেদ নকৰিবলৈ ইতিমধ্যে স্থানীয় লোকে আহ্বান জনাইছে।
বাগিচাতো চলিল উচ্ছেদ
বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ গো চৰণীয়া পথাৰত ৰোপণ কৰা চাহগছ আজি বুলড’জাৰেৰে উভালি পেলোৱা হয়। প্ৰায় ৭০/৭৫ বিঘা ভূমিত ভূমিত ৰোপণ কৰা চাহগছবিলাক এফালৰ পৰা উভালি পেলাইছে প্ৰশাসনে ব্যৱহাৰ কৰা বুলড’জাৰে। উল্লেখ্য যে স্থানীয় ভিৰ গাঁৱৰ গাঁও সংগঠনৰ উন্নয়নমূলক বাৰ্ষিক পুঁজি সংগ্ৰহ আৰু সন্দেহজনক নাগৰিকৰ আগ্ৰাসন ৰোধ কৰিবলৈ ননকে জাপৰিগুৰি গো চৰণীয়া পথাৰত চাহপুলি ৰোপণ কৰে। অৱশ্যে বৰ্তমান জনৈক মহন্তই এই চাহ বাগিচা তদাৰক কৰি আছে বুলি জানিব পৰা গৈছে। সততে কেৱল মিঞা-মুছলমানৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ বেদখল উচ্ছেদ অভিযান বুলি অভিযোগ কৰিলেও প্ৰকৃতাৰ্থত আজি খিলঞ্জীয়াৰ চাহ খেতিও উচ্ছেদিত হৈছে। এই বাগিচা বেদখলমুক্ত কৰিবলৈ কেইবাদিনো লাগিব বুলি নিয়োজিত শ্ৰমিকে প্ৰকাশ কৰিছে।
কুক্ষিগত ভূমি এৰিবলৈ অস্বীকাৰ একাংশ বেদখলকাৰীৰ
বিশ্বনাথৰ চৰ অঞ্চলৰ গাতে লাগি থকা ননকে জাপৰিগুৰি অঞ্চলটোত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলালেও স্থান ত্যাগ কৰিবলৈ অস্বীকাৰ একাংশ বেদখলকাৰীৰ। এইসকলৰ দাবী- ‘আমাৰ থাকিবলৈ ঠাই নাই, গতিকে পুনৰ সংস্থাপন নিদিয়া পৰ্যন্ত তিৰপাল তৰি এই স্থানতে থাকিম।’ আৰক্ষীয়ে বাধা দিলেও স্থান ত্যাগ কৰিবলৈ নাৰাজ বেদখলকাৰী। আনকি আৰক্ষীয়ে গুলীয়াই মাৰিলেই লেঠা মৰিব বুলিও মন্তব্য বেদখলকাৰীৰ। আজি ইতিমধ্যে উচ্ছেদ অভিযানৰ অন্ত পৰিছে যদিও বহু বেদখলকাৰীয়ে এতিয়াও ঠাই এৰি যোৱা নাই।
প্ৰেৰক জয়ন্ত বৰা