নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ উৎকট গৰমে ৰাজ্যবাসীক দহি থকাৰ সময়তে বজালী অঞ্চলত সঘনাই হৈ থকা বিদ্যুৎৰ লুকাভাকুত সম্প্ৰতি সমগ্ৰ বজালী অঞ্চলৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত আজি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ধৃতিৰাজ তালুকদাৰৰ নেতৃত্বত এটি সঁজাতী দলে পাঠশালা বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ধৃতিৰাজ তালুকদাৰ আৰু সাধাৰণ সম্পাদক লাকি মেধী স্বাক্ষৰিত স্মাৰক পত্ৰখনৰ জৰিয়তে কয় যে এজাক বতাহ বৰষুণ নৌহওঁতেই বজালীত বিদ্যুৎ কৰ্তন কৰা, সঘনাই হৈ থকা বিদ্যুতৰ লুকাভাকু, আওপুৰণি বিদ্যু্ৎ পৰিবাহী তাঁৰসমূহ সলনি নকৰা আদি কেইবাটাও সমস্যা সমাধান কৰি ৰাইজক নিজৰ প্ৰাপ্য সেৱা যোগান ধৰাৰ দাবী জনায়৷ আনহাতে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ধৃতিৰাজ তালুকদাৰে সংবাদ মাধ্যমক কয় যে যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনাধীন বিজেপি চৰকাৰে ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰিছিল সেই সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বজালীৰ পাঠশালা, নিত্যানন্দ আদি অঞ্চলত সঘনাই হোৱা বিদ্যুৎ কৰ্তনক লৈ চৰকাৰখনে ৰাইজক দিয়া প্ৰতিশ্ৰুতি সম্পূৰ্ণ ব্যৰ্থ হৈছে৷ তেওঁ শীঘ্ৰে এই সমস্যা সমাধান কৰিবলৈ চৰকাৰ তথা বিভাগক দাবী জনায়৷ অন্যথা ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদী আন্দোলন কৰিবলৈ বাধ্য হব বুলি হুংকাৰ দিয়ে। তেওঁ কয় কেৱল বজালী অঞ্চলতে নহয় সমগ্ৰ অসমতে বিদ্যুৎ বিভাগৰ প্ৰয়েজন অনুপাতে কাম কৰা ব্যক্তিৰ সংখ্যা তাকৰীয়া হোৱাটোৱে বিদ্যুৎ বিভাগৰ পয়ালগা অৱস্থাৰ প্ৰমাণ কৰিছে বুলি কটাক্ষ কৰি এই ক্ষেত্ৰত চৰকাৰক দৃষ্টি আৰোপ কৰিবলৈ দাবী জনায়৷ উল্লেখযোগ্য যে আজিৰ স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ধৃতিৰাজ তালুকদাৰ, সাধাৰণ সম্পাদক লাকি মেধী, উপ সভাপতি সীমান্ত মেধি, সহকাৰী সাধাৰণ সম্পাদক মন্দীপ পাটগিৰি আৰু সীমান্ত কাকতি, ছাত্ৰ নেতা বিজিত তালুকদাৰ, অংকুৰ কলিতাৰ লগতে ভট্টদেৱ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক দেৱৰ্ষি মেধিসহ কেইবাজনো আছু নেতা উপস্থিত থাকে।
প্ৰেৰক কল্যাণ কলিতা