নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম এথলেটিকছ এছোচিয়েচনৰ কার্যনির্বাহকত অধ্যক্ষতা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

গুৱাহাটী, ৩ অক্টোবৰ : অসম এথলেটিকছ এছোচিয়েচনৰ নৱনিযুক্ত সভাপতি আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি অসম এথলেটিকছ এছোচিয়েচনৰ এখন বর্ধিত কার্যনির্বাহক সভাত অধ্যক্ষতা কৰি আগন্তুক খেল মহাৰণ, গোৱাত অনুষ্ঠিতব্য নেচনেল গেমছ আৰু কলকাতাত অনুষ্ঠিতব্য ইষ্ট জ’ন জুনিঅ’ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ বিভিন্ন দিশৰ ওপৰত বিতংভাৱে আলোচনা কৰে। উক্ত বিষয়ত সংবাদ মাধ্যমক সম্বোধন কৰি এইবাৰ প্ৰায় ৭৫০ খেলুৱৈয়ে ইষ্ট জ’নৰ ট্ৰায়েলৰ বাবে আহিব ওলোৱা খবৰক লৈ মন্ত্ৰী বৰুৱাই সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ই অসমৰ খেলজগতখনৰ কাৰণে এক গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে। ইয়াৰ উপৰি এথলেটিকছ এছোচিয়েচনৰ সদস্যৰ লগতে NIS coach, প্ৰাক্তন খেলুৱৈ আদি সকলোৱে যাতে এই কাম কাজ লগত জড়িত হয় তাক লৈও আজিৰ বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত খেল মহাৰণত গাঁও অঞ্চলৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈ সকলক নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সম্পুৰ্ণ সুযোগ প্ৰদান কৰা হ’ব বুলিও মন্ত্ৰী বৰুৱাই উল্লেখ কৰে।

You might also like