অসম আৰক্ষীত ব্যাপক সালসলনি: জি পি সিঙক তদাৰকী দুর্নীতি নিবাৰকৰ অতিৰিক্ত দায়িত্ব
নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ অসম আৰক্ষীত ব্যাপক সালসলনি কৰা হৈছে৷ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াক বদলি কৰাৰ লগতে অর্পণ কৰা হৈছে অতিৰিক্ত দায়িত্ব৷ এই অনুসৰি অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙক এছটিএফৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ আনহাতে সিঙক তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (এডিজিপি) হিচাপে নিযুক্তি দিয়া হৈছে৷ আনহাতে কেন্দ্রৰ ডেপুটেচনত যোৱাৰ বাবে অনুৰাগ টাংখাক এই দায়িত্বৰ পৰা অব্যাহতি দিছে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে৷ ইপিনে, চিআইডিৰ এডিজিপি এল আৰ বিষ্ণইক ট্রেইনিং এণ্ড প্র’জিকিউচন (টিএপি)ৰ এডিজিপি হিচাপে বদলি কৰা হৈছে৷
সমান্তৰালভাৱে বিশেষ শাখাৰ আইজিপি হীৰেন নাথক অতিৰিক্তভাৱে এছটিএফৰ আইজিপিৰ দায়িত্ব অর্পণ কৰা হৈছে৷ গৃহৰক্ষী আৰু অসামৰিক সুৰক্ষাৰ আইজিপি বিনোদ কুমাৰক টিএপিৰ আইজিপি হিচাপে বদলি কৰা হৈছে৷ সেইদৰে বিআইই’ৰ এডিজিপি কে ভি সিঙক এডিজিপি (বিচাৰ প্রক্রিয়া)ৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে৷ লক্ষণীয় যে আজি মুঠ ৩২গৰাকী উপ–আৰক্ষী অধীক্ষক (ডিএছপি)ক বদলি কৰা হৈছে৷ ধুবুৰীৰ ডিএছপি শেখৰজ্যোতি ৰয়ক বিজনীৰ এছডিপি’ হিচাপে বদলি কৰা হৈছে৷ গুৱাহাটীৰ এচিপি (চোৰাংচোৱা) পাহাৰী কোঁৱৰক ওদালগুৰি জিলাৰ ডিএছপি (মুখ্য কার্যালয়) হিচাপে নিযুক্তি দিয়া হৈছে৷ আনহাতে মাধুর্যপ্রসাদ বৰুৱাক গোলাঘাটৰ ডিএছপি, ধেমাজিৰ ডিএছপি প্রদীপ কোঁৱৰক নাজিৰাৰ এছডিপি’লৈ, মাজুলীৰ ডিএছপি গীতার্থ দেৱশর্মাক গুৱাহাটীৰ এচিপি (চোৰাংচোৱা) হিচাপে বদলি কৰা হৈছে৷
নগাঁৱৰ ডিএছপি কল্যাণ কুমাৰ দাসক কাহিলিপাৰাৰ চতুর্থ এপিবিএনৰ সহকাৰী কমাণ্ডেণ্ট হিচাপে বদলি কৰাৰ লগতে বৰপেটাৰ ডিএছপি সমীৰণ বৈশ্যক শালবাৰীৰ এছডিপি’ হিচাপে বদলি কৰা হৈছে৷ আনহাতে গোলাঘাটৰ সীমান্ত শাখাৰ ডিএছপি হিৰণ্য কুমাৰ দহোটীয়াক ডিব্রুগড়লৈ বদলি কৰা হৈছে৷ টেঙাখাতৰ ১৯ এপিআইআৰবিএনৰ ডিএছপি নিতুমণি দাসক তিতাবৰৰ এছডিপি’, ডাকুৰভিটাৰ প্রথম এপিটিএফবিএনৰ সহকাৰী কমাণ্ডেণ্ট ফাৰুক আহমেদক দক্ষিণ শালমাৰাৰ ডিএছপি হিচাপে বদলি কৰা হৈছে৷ গুৱাহাটীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ ডিএছপি হামিদুৰ ৰহমানক কামৰূপ জিলাৰ সীমান্ত শাখাৰ ডিএছপি হিচাপে নিযুক্তি দিয়া হৈছে৷ সেইদৰে কাহিলিপাৰাৰ দশম এপিবিএনৰ সহকাৰী কমাণ্ডেণ্ট দেৱজিৎ কুমাৰ খনিকৰক তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ ডিএছপি হিচাপে বদলি কৰা হৈছে৷ কাহিলিপাৰাৰ বিশেষ শাখাৰ মুখ্য কার্যালয়ৰ ডিএছপি মদন চন্দ্র কলিতাক বৰপেটাৰ ডিএছপি হিচাপে, চৰাইদেউৰ ডিএছপি অনিতা হাজৰিকাক নগাঁৱৰ ডিএছপি (মুখ্য কার্যালয়) হিচাপে, মাকুমৰ দ্বিতীয় এপিবিএনৰ সহকাৰী কমাণ্ডেণ্ট পদ্ম কুমাৰ পেগুক মাজুলীৰ ডিএছপি হিচাপে, ডিফুৰ ডিএছপি গিৰীন সোণোৱালক মাকুমৰ দ্বিতীয় এপিবিএনৰ সহকাৰী কমাণ্ডেণ্ট হিচাপে, মানকাচৰৰ ২৬ এপিআইআৰবিএনৰ সহকাৰী কমাণ্ডেণ্ট কমল ৰাজবংশীক ডিফুৰ ডিএছপি হিচাপে, নদী আৰক্ষীৰ ডিএছপি আব্দুল জলিলক ধুবুৰীৰ ডিএছপি হিচাপে বদলি কৰা হৈছে৷
আনহাতে লখিমপুৰৰ ডিএছপি শুভলক্ষ্মী দত্তক গহপুৰৰ এছডিপি’ হিচাপে, নগাঁৱৰ ডিএছপি ৰুমিৰ তিমুংপিক কাহিলিপাৰাৰ বিশেষ শাখাৰ ডিএছপি হিচাপে, মাকুমৰ দ্বিতীয় এপিবিএনৰ সহকাৰী কমাণ্ডেণ্ট দুর্লভ চন্দ্র দাসক নগাঁৱৰ সীমান্ত শাখাৰ ডিএছপি হিচাপে, লখিমপুৰৰ এছডিপি’ অনুৰাগ শর্মাক ধেমাজিৰ ডিএছপি হিচাপে, মান্দাকাটাৰ কমাণ্ডো বেটেলিয়নৰ ডিএছপি শচীন্দ্র চন্দ্র শর্মাক লখিমপুৰৰ এছডিপি’ হিচাপে, শিৱসাগৰৰ লিগিৰীপুখুৰীৰ প্রথম এপিবিএনৰ সহকাৰী কমাণ্ডেণ্ট পোনা গগৈক মার্ঘেৰিটাৰ এছডিপি’ হিচাপে, মার্ঘেৰিটাৰ এছডিপি’ দেৱব্রত মৰাঙক বিআইই’ৰ ডিএছপি হিচাপে, পর্বতঝোৰাৰ এছডিপি’ দীপক দাসক গোৱালপাৰাৰ ডিএছপি হিচাপে, গোৱালপাৰাৰ ডিএছপি ৰূপজ্যোতি কলিতাক হোজাইৰ ডিএছপি হিচাপে, হোজাইৰ ডিএছপি দীপ্তি মালিকক হামৰেনৰ ডিএছপি হিচাপে, এছটিএফৰ ডিএছপি ভূপাল চন্দ্র বৰাক গোলাঘাটৰ সীমান্ত শাখাৰ ডিএছপি আৰু চিলনীৰ ২৩ এপিআইআৰবিএনৰ ঐশ্বর্য জীৱন বৰুৱাক পর্বতঝোৰাৰ এছডিপি’ হিচাপে বদলি কৰা হৈছে৷ একেদৰে দিলীপ কুমাৰ শইকীয়া আৰু মনোজ কুমাৰ লহকৰক আৰক্ষী পৰিদর্শকৰ পৰা ডিএছপি পর্যায়লৈ পদোন্নতি দিয়া হৈছে৷