ছালাকাটিৰ নিকটৱৰ্তী নাদাংবুঢ়া-নাদাংবুঢ়ী মন্দিৰত দুদিনীয়াকৈ পূজা-মেলাৰ ব্যাপক প্ৰস্তুতি
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল: কোকৰাঝাৰ জিলাৰ উদ্যোগ নগৰী হিচাপে খ্যাত ছালাকাটিৰ নিকটৱৰ্তী নাদাংগিৰি পাহাৰৰ নামনিৰ ৰাভাপাৰাত নাদাং বুঢ়া-নাদাং বুঢ়ী মন্দিৰত অন্যান্য বছৰৰ দৰে এই বেলিও অহা ১৫ আৰু ১৬ এপ্ৰিল (১ আৰু ২ বহাগ)ত দুদিনীয়াকৈ পূজা -মেলাৰ আয়োজন চলিছে । বড়ো জনগোষ্ঠীৰ লোকে নাদাং বুঢ়া-নাদাং বুঢ়ীক নাৰ্জাং বুঢ়া-নাৰ্জাংবৌৰাই বুলি কয় । উল্লেখ য্যোগ্যযে অতীজৰে পৰাই ঠাই খিনিত অনুষ্টুপীয়াকৈ পূজা-পাতল চলি আহিছিল যদিও ১৯৮৩ চনৰ পৰা কিছু ব্যাপক ৰূপ লয় । তেতিয়াৰ পৰা প্ৰতি পহিলা বহাগত ধুম-ধামেৰে পূজা-মেলা সম্পন্ন হয় । এইবাৰো দুদিনীয়াকৈ পূজা-মেলাটি বৰ্ণাঢ্য ভাৱে সম্পন্ন কৰাৰ বাবে ৰিনয় মুছাহাৰীক সভাপতি, ফুংখা ওৱাৰীক সম্পাদক,ৰাকেশ বসুমতাৰীক কোষাধক্ষ্যৰ লগতে বিনোদ বসুমতাৰী আৰু গিৰব্লাও বসুমতাৰীক যথাক্ৰমে সভাপতি আৰু সম্পাদক হিচাপে লৈ সাংস্কৃতিক উপ সমিতি খন গঠন কৰা হয় । দুয়ো দিনা ৰাতিপুৱা মন্দিৰৰ পূজা-পাতল আৰু ৰাজহুৱা পূজা-পাতলৰ উপৰি আবেলি মেলা অনুষ্ঠিত হব । আবেলি নামনি অসমৰ জনপ্ৰিয় নৃত্য-গীতৰ অনুষ্ঠান খাৰাতাল আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা চলি থকাৰ কথা ব্যক্ত কৰে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শুদ্ধধন বসুমতাৰীয়ে । উল্লেখযোগ্য যে অতীজৰে পৰাই ঠাই খিনিত পূজা-পাতল চলি আহিছিল যদিও সময়ৰ সোঁতত সম্প্ৰতি ৰাজহুৱা ভাৱে পূজা-মেলাৰ যথেষ্ট প্ৰসাৰ-প্ৰচাৰ লাভ কৰিছে । নাদাং বুঢ়া-নাদাং বুঢ়ী মন্দিৰৰ পৰা প্ৰায় আঠ কিলোমিটাৰ উত্তৰে অৱস্থিত প্ৰায় দ্বি-শতবৰ্ষৰ দুৱাৰ দলিত ভৰি দিয়া ৰজা দিনীয়া লালটাৰী গাঁৱৰ শ্ৰীশ্ৰীৰাজাঠাকুৰ দৌল দেৱালয়ৰ পৰা দৌলৎসৱ আৰু দূর্গা পূজাৰ সময়ত নাদাং বুঢ়া-নাদাং বুঢ়ী মন্দিৰত ধুপ- ধুনা, তামোল-পান, পাঁচ বৈৰাতী সহ ঢোলে-ডগৰে আমন্ত্ৰণ কৰিব যায় । নাদাং বুঢ়া-নাদাং বুঢ়ী মানে শিৱ-পাৰ্বতী কয় একাংশ ভক্তপ্ৰাণ লোকে । অতীজৰে পৰা পূজা-পাতলহে চলি আহিছিল । কিন্তু কালক্ৰমত ঠাই খিনিত আটক ধুনীয়াকৈ মন্দিৰ নিৰ্মাণ হোৱাৰ লগতে মঞ্চ, মণ্ডপ, জিৰণি চৰা, জীৱ-জন্তু নিৰীক্ষণ গৃহ, গছ-গছনি ৰোপন, ঠায়ে ঠায়ে পকী কৰণ কাম-কাজে ঠাই খিনি এক আকৰ্ষণীয় ৰূপ ধাৰণ কৰিছে । ভৱিষ্যতে ঠাই খন এদিন পৰ্য্যাটনৰ কেন্দ্ৰ বিন্দু হ’ব ; সেয়া স্থানীয় ৰাইজে আশা প্ৰকাশ কৰে ।
প্ৰেৰক ভৃগু মুনি ৰায়