নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিংগাপুৰ নায়াং টেকনল’জিকেল ইউনিভাৰ্ছিটীৰ সহযোগী অধ্যাপক ড° দিগন্ত দাস দোকুচি আদৰ্শ বিদ্যালয় পৰিদৰ্শন

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ নগৰবেৰাৰ দোকুচি আদৰ্শ বিদ্যালয়ত আজি এক পৰিদৰ্শন কাৰ্যসূচীৰে উপস্থিত হয় ছিংগাপুৰ নায়াং টেকনল’জিকেল ইউনিভাৰ্ছিটীৰ সহযোগী অধ্যাপক ড° দিগন্ত দাস। ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষাৰ কামৰূপ জিলাৰ তত্ত্বাৱধায়ক চুইটি বেজবৰুৱাৰ সতে শিক্ষানুষ্ঠানখনত উপস্থিত হোৱা প্ৰবাসী বিশিষ্ট শিক্ষাবিদ ড° দাসক বিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেন বায়নৰ লগতে সমূহ শিক্ষক-শিক্ষাৰ্থীয়ে উষ্ম সম্বৰ্ধনা যাচে। আনহাতে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তৰ পৰামৰ্শ অনুসৰি অতিকৈ ভিতৰুৱা অথচ শৈক্ষিক বুৎপত্তি থকা আদৰ্শ বিদ্যালয়, দোকুচিত উপস্থিত হৈ শিক্ষানুষ্ঠানখনৰ সৰ্বাংগীণ সফলতাৰ বুজ লৈ যথেষ্ট আপ্লুত হয় প্ৰবাসী বিশ্ববিদ্যালয়ৰ শিক্ষক ড° দাস। আদৰ্শ বিদ্যালয়, দোকুচিৰ দৰে শিক্ষানুষ্ঠানসমূহে আগলৈ ৰাজ্য তথা দেশৰ শিক্ষা জগতলৈ এক বিশেষ মাত্ৰা দিব বুলিও আশা ব্যক্ত কৰে। প্ৰতিগৰাকী শিক্ষক-ছাত্ৰ-ছাত্ৰীৰ সমস্যাসমূহ অনুধাৱন কৰি আদৰ্শ বিদ্যালয়সমূহক অধিক গুৰুত্বাৰোপ কৰিবলৈও আহ্বান জনায়।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like