নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত চাকৰিত যোগদান কৰিব আহি লকআপত সোমাল ‘ভুৱা’ উপায়ুক্ত

বার্তা ব্যুৰ, ২৬ জুনঃ তেজপুৰ সদৰ থানাত ডি চি চাৰক চাবলৈ অগণন লোকৰ ভিৰ৷ আৰক্ষীও হতভম্ব ডি চি আৰু তেওঁৰ লগত থকা দেহৰক্ষীক দেখি৷ হিন্দী চিনেমাৰ অভিনেতা–ভিনেত্রীৰ লগত দেখা বাউন্সাৰৰ দৰে কলা পোছাক পৰিহিত এন এছ জি অথবা ব্লেককেট যেন লগা তিনিজনকৈ যুৱকৰ বেষ্টনীৰ মাজত থকা উপায়ুক্ত জন এতিয়া আৰক্ষীৰ লকআপত৷ কথাটো বিয়পি পৰাৰ লগে লগেই মানুহৰ মাজত বেচ কৌতুহল জাগিল৷ সকলোৱে তেজপুৰলৈ অহা নতুন ডি চিজনক চাবলৈ সদৰ থানাত ঢাপলি মেলিলে৷ বিগত কেইদিন মান শোণিতপুৰৰ বিভিন্ন প্রান্তত আগে পিছে এছর্কট লৈ ঘুৰি ফুৰা ডি চি চাহাবে কেতিয়াবা যদি নিৰাপত্তা বেষ্টনীৰ মাজত চিনেমা হলত ৰঘুপতি চাই আমোদ লৈছে, কেতিয়াবা আকৌ নার্চিং হোমলৈ গৈ স্বাস্থ্য পৰীক্ষাও কৰাইছে৷ ইয়াৰ মাজতে চিকিৎসকৰ স্বাস্থ্য কম্ক দাবী ধমকি দি নিজকে শোণিতপুৰৰ নৱ নিযুক্ত উপায়ুক্ত বুলি পৰিচয় দিছে৷ ইফালে শোণিতপুৰ উপায়ুক্ত কার্যালয়কে ধৰি বিভিন্ন বিভাগৰ কর্মচাৰী মাজত কালিৰে পৰা চর্চা চলিছিল নতুন উপায়ুক্তই যোগদান কৰিব বুলি৷ আনকি বর্তমানৰ উপায়ুক্ত আৰু কর্মচাৰীসকলেও একো উমঘাম পোৱা নাছিল৷ কিন্তু শোণিতপুৰত সকলোৰে পৰিচিত এগৰাকী উপায়ুক্তই কার্যনির্বাহ কৰি থকাৰ সময়তে কোনো আনুষ্ঠানিকতা নোহোৱাকৈ হঠাৎ জিলাখনলৈ আৰু এজন উপায়ুক্ত আহি চিনেমা হল, নার্চিং হোম আদিত সাংগোপাংগোসকলক লৈ ঘুৰি ফুৰা ঘটনাই সন্দেহৰ উদ্বেগ ঘটালে৷ কথাটো উপায়ুক্তৰো কানত পৰিল৷ আৰক্ষীক বিষয়টো অৱগত কৰা হল৷ ইয়াৰ পিছতেই আৰক্ষীয়ে কালিৰে পৰা দলটোৰ অৱস্থিতি আৰু কার্যকলাপ সন্দর্ভত অনুসন্ধান অব্যাহত ৰাখিছিল আৰু আজি তেজপুৰ কেকোঁৰাপুলৰ সমীপত কনভয়টো দেখি আৰক্ষীয়ে ৰখাবলৈ চেষ্টা চলাই যদিও দুখন বাহন লৈ দলটো পলায়ন কৰে আৰু থাৰ গাডীখন আৰক্ষীয়ে উক্ত স্থানতে জব্দ কৰে৷ তাৰ পিছতেই অভিযান চলাই তেজপুৰ কৱৰ খানা ৰোডত ইনভা আৰু মাৰাজু গাডী দুখন জব্দ কৰাৰ লগতে দলটোক আটক কৰি থানালৈ আনে৷ ইয়াৰ পিছতেই আৰক্ষীয়ে চলোৱা প্রাথমিক জেৰাতেই ওলাই উৰহিৰ ওৰ৷ কিয়নো ধৃত অংকুৰে প্রদর্শন কৰা মুখ্যমন্ত্রী বর্ড আৰু অসম চৰকাৰৰ ব্যৱস্থাপনা বর্ডে তেওঁক শোণিতপুৰৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া আৰু ২২ তাৰিখৰ ভিতৰত যোগদান কৰিবলৈ মুখ্যমন্ত্রীৰ দ্বাৰা স্বাক্ষৰিত তথা মেইলযোগে প্রেৰিত নিযুক্তি পত্রখন যেন ভুৱা সেয়া আৰক্ষীয়ে নিষ্চিত কৰে৷ ইয়াৰ পিছত তথাপিও জিলা প্রশাসনৰ হৈ এগৰাকী অতিৰিক্ত উপায়ুক্তই বিষয়টো পৰীক্ষা কৰাত ধৰা পৰে ভুৱা উপায়ুক্ত আৰু তেওঁৰ দলটোক৷ গোলাঘাটৰ পাঁচআলিৰ প্রয়াত ৰাজীৱ শইকীয়াৰ পুত্র অংকুৰ শইকীয়া চ্জ্ঝ নামৰ এই যুৱকজনে অসম চৰকাৰৰ পৰা শোণিতপুৰৰ উপায়ুক্ত হিচাপে মেইলযোগে নিযুক্তি পত্র লাভ কৰা বুলি পৰিচয় দি জামুগুৰি শেনচোৱা গাঁৱৰ সোনটি হাজৰিকাৰ পুত্র বিশাল হাজৰিকা চ্ব ক ব্যক্তিগত সহায়ক আৰু বিশালৰ ভাতৃ বিকি হাজৰিকাক গাডী চালক ৰূপে নিযুক্তি দিয়ে৷ গুৱাহাটীৰ এটা চিকিউৰিটি এজেঞ্চীৰ পৰা তিনিজনকৈ দেহৰক্ষী আৰু ড্রেভেল এজেঞ্চীৰ পৰা দুখনকৈ বিলাসী বাহন ভাডাত লৈ নিজে নতুনকৈ ক্রয় কৰা থাৰ বাহন লৈ কনভয় সৈতে আজি জামুগুৰিহাটৰ পৰা তেজপুৰলৈ অহাৰ পিছতেই জালত পৰে আৰক্ষীৰ৷ উল্লেখ্য যে, কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্রীধাৰী অংকুৰ শইকীয়াই স্বয়ম্ভু উপায়ুক্ত হৈ বিভিন্ন স্থানত ঘুৰি ফুৰাৰ প্রকৃত উদ্দেশ্য কি এতিয়াও আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই৷ আজি আৰক্ষীয়ে স্বয়ম্ভু উপায়ুক্ত অংকুৰক গ্রেপ্তাৰ কৰাৰ লগতে তেওঁৰ সহযোগী বিশাল হাজৰিকা, বিকি হাজৰিকা, সোনটি হাজৰিকা, নগাঁৱৰ শিমলুগুৰি অচিন্ত দাস চ্প্ত আৰু অজিত দাস চ্ছ্র, গুৱাহাটীৰ খাৰঘুলিৰ নিতুমণি দাস চ্ঙ্মৰ উপৰি হাজোৰ হাদলা গাঁৱৰ কৌশিক কলিতা চ্ছ আৰু ৰিংকু কলিতা চ্জ্জ্ব ৰ লগতে চাংসাৰিৰ হিমাল ভড়ালী চ্ব নামৰ তিনিজন বাউন্সাৰসহ মুঠ ১০ জন লোকক গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে, অংকুৰে ব্যৱহাৰ কৰা নম্বৰ প্লেটবিহীন এখন থাৰ বাহন, এ এছ ০১ ডি এছ ১৬৮০ নম্বৰৰ ইনভাৰ লগতে এ এছ ০১ ডি উ ৯২৪৬ নম্বৰৰ মাৰাজু বাহন আৰক্ষীয়ে জব্দ কৰাৰ লগতে লক্ষাধিক টকা, দুটা আইফন আৰু তিনিটা ৱাকিটকি উদ্ধাৰ কৰে৷ এই বাতৰি যুগুতোৱা পৰলৈকে প্রবঞ্চক দলটোক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰু জেৰাৰ অন্ততহে এই প্রবঞ্চক দলটোৱে ভুৱা উপায়ুক্ত বুলি কৰবাত আন অপৰাধ সংঘটিত কৰিছে নেকি সেয়া জানিব পৰা যাব আৰু ধৃত দলটোৰ প্রকৃত উদ্দেশ্য জানিব পৰা যাব৷

প্ৰেৰক পুলক কুমাৰ ডেকা

You might also like