নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত ভুৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ

🔹 আৰক্ষীৰ ইউনিফৰ্ম পিন্ধি কি কৰিছিল ৰে’ল ষ্টেচনত

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : শিলচৰত এগৰাকী ভুৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰ পি এফে। কালি সন্ধিয়া শিলচৰ ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ ইউনিফৰ্ম পিন্ধি থকা এজন যুৱকক। ধৃত যুৱকজন কৰিমগঞ্জ জিলাৰ ছুপ্ৰাকান্দিৰ পেটেল নগৰৰ শ্ৰীনাথ শীল (২৪) । অভিযুক্ত যুৱকজনে অসম আৰক্ষীৰ ইউনিফৰ্ম পৰিধান কৰি ষ্টেচন চৌহদত বাহন ৰিকুইজিচনৰ চেষ্টা চলাই থকা অৱস্থাত ধৰা পৰে। জানিব পৰা মতে, আৰক্ষীৰ পোছাক পৰিধান কৰাৰ লগতে যুৱকজনৰ সন্দেহজনক আচৰণে আৰ পি এফৰ জোৱানৰ দৃষ্টি আকর্ষণ কৰে। সোধা-পোছাৰ লগে লগে তেওঁ অসম আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক (এ এছ আই)  বুলি পৰিচয় দিয়ে। কিন্তু যুৱকজনৰ কথা-বতৰাত সন্দেহ হোৱাত তেওঁক তাৎক্ষণিকভাৱে আটক কৰা হয়। খবৰ অনুসৰি, ভুৱা বিষয়াজনে বাহন ৰিকুইজিচন কৰিবলৈ চেষ্টা কৰিছিল, অৰ্থাৎ তেওঁ আৰক্ষী বিষয়া হিচাপে পৰিচয় দি মিছাকৈ শিলচৰ ৰে’লৱে ষ্টেচনত এজন ব্যক্তিৰ বাহন জব্দ কৰাৰ চেষ্টা কৰিছিল। ইপিনে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত যুৱকজনে কয় যে তেওঁ গুৱাহাটীৰ এখন হোটেলত কাম কৰিছিল। আৰক্ষীৰ পোছাকযোৰ শিলচৰত বনাইছিল।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like