নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ অভিকেন্দ্র ফাঁচীবজাৰ, ভয়াৱহ সংক্রমণৰ পিছতো গা লৰা নাই গুৱাহাটীবাসীৰ

ষ্টেট বেংকৰ তিনি কর্মচাৰী, এমএমচিৰ ৯ নার্ছিং ছাত্রীও আক্রান্ত

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণৰ ফলত জটিল হৈ পৰিছে গুৱাহাটীৰ পৰিস্থিতি৷ ট্রেভেল হিষ্ট্রী বা সংক্রমণৰ উৎস অজ্ঞাত হৈ থকা ক’ৰোনা পজিটিভ ব্যক্তিৰ সংখ্যা বৃদ্ধিক লৈ সৃষ্টি হোৱা উৎকণ্ঠাৰ মাজতে প্রশ্ন উঠিছে– গুৱাহাটীত সামাজিক সংক্রমণ ঘটিছে নেকি? উল্লেখ্য যে মহানগৰীৰ অন্যতম ব্যৱসায়িক কেন্দ্রস্থল ফাঁচীবজাৰ
ক’ৰোনাৰ অভিকেন্দ্র ৰূপে চিনাক্ত হৈছে৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি শেহতীয়াকৈ আক্রান্ত হোৱা অধিকাংশ লোক ফাঁচীবজাৰৰ সৈতে কিবা নহয় কিবা ধৰণেৰে সম্পর্কিত৷

আনকি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো এই সন্দর্ভত উল্লেখ কৰিছিল যে গুৱাহাটীৰ বাদে ৰাজ্যৰ আন আন অঞ্চলত সামাজিক সংক্রমণৰ বাবে কোনো লোক আক্রান্ত হোৱাৰ ঘটনা ঘটা নাই৷ মহানগৰীত চিনাক্ত হোৱা ক’ভিড–১৯ আক্রান্ত ৰোগীসকলৰ কিবা নহয় কিবা প্রকাৰে ফাঁচীবজাৰৰ সৈতে সংযোগ আছে৷ ব্যৱসায়িক কেন্দ্রস্থলটোৰ ভিতৰত হয়তো বহু ক’ভিড–১৯ আক্রান্ত আছে৷ এইসকল লোক এতিয়া স্বেচ্ছাই ওলাই অহা নাই৷ গুৱাহাটীত ভ্রমণ বুৰঞ্জী নথকা প্রথম অৱস্থাত যি ৩৭জন লোক চিনাক্ত হৈছিল, এইসকল লোক বিভিন্ন ধৰণে ফাঁচীবজাৰৰ সম্পর্কলৈ অহাৰ পাছতে আক্রান্ত হৈছে৷

কার্যতঃ উত্তৰ–পূবৰ ব্যৱসায়িক কেন্দ্রস্থলটোত যে এতিয়াও ভয়ানক ৰূপত ক’ৰোনা ভাইৰাছৰ উপস্থিতি আছে, সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ শেহতীয়াকৈ ফাঁচীবজাৰৰ ষ্টেট বেংক শাখাৰ এজন কর্মচাৰী আক্রান্ত হৈছে৷ ফাঁচীবজাৰৰ ইভিনিং ব্রাঞ্চৰ সুমিত্রা ভৰালী নামৰ এগৰাকী কর্মচাৰী কালি ক’ৰোনাত আক্রান্ত হয়৷ মন কৰিবলগীয়া যে ষ্টেট বেংকৰ আঞ্চলিক মুখ্য কার্যালয়ৰ তিনিগৰাকী বিষয়া–কর্মচাৰী ইতিমধ্যে ক’ৰোনাত আক্রান্ত হৈছে৷ আঞ্চলিক মুখ্য কার্যালয়ৰ মুখ্য প্রবন্ধক বিজয় শংকৰ দাস আৰু নিউ গুৱাহাটী শাখাৰ নিভা দলৈও ইতিমধ্যে আক্রান্ত হৈছে৷ তদুপৰি আঞ্চলিক মুখ্য কার্যালয়ৰ আন দুজন লোককো ক’ভিড–১৯ পৰীক্ষা কৰা হৈছে যদিও ফলাফল এতিয়ালৈ অহা নাই৷

ইফালে, গুৱাহাটীৰ গড়চুকস্থিত চি বি আইৰ কার্যালয়টো ক’ৰোনা সংক্রমণৰ বাবে বন্ধ কৰি দিয়া হৈছে৷ আজি আৰু কাইলৈ কার্যালয়টো বন্ধ ৰখা হ’ব৷ মহানগৰীৰ চি বি আই কলনীত থকা এগৰাকী বিষয়াৰ পত্নীৰ যোৱা ২২ জুনত এটি সন্তান জন্ম হৈছিল৷ জন্ম হোৱা নৱজাতকৰ লগতে মাতৃও কালি ক’ৰোনাত আক্রান্ত হৈছে৷ আক্রান্ত হোৱা এই লোকসকলক লৈ এতিয়া স্বাস্থ্য বিভাগৰ লগতে জিলা প্রশাসন উদ্বিগ্ন হোৱাই নহয়, গুৱাহাটীত সামাজিক সংক্রমণ হোৱাৰ আশংকা কৰা হৈছে৷ কিয়নো যোৱা ৪৮ ঘণ্টাত মহানগৰখনৰ ভিন্ন প্রান্তত চিনাক্ত হৈছে ক’ৰোনা পজিটিভ৷

এইসকল আক্রান্ত লোকৰ কোনো ভ্রমণ বুৰঞ্জী নাই যদিও আক্রান্ত হোৱাৰ উৎস অস্পষ্ট নহয়৷ বহু লোক মহানগৰীৰ ক’ৰোনাৰ হটস্পট ৰূপে চিনাক্ত হোৱা ফাঁচীবজাৰ, মালিগাঁও, পাণ্ডু, ফটাশিল, ধীৰেনপাৰা, মাছখোৱা আদি অঞ্চলৰ সৈতে অহা–যোৱা অথবা সেই অঞ্চলৰ লোকৰ সংস্পর্শলৈ অহাৰ তথ্য স্বাস্থ্য বিভাগে লাভ কৰিছে৷ মুখ্যতঃ এনে ঘটনাক লৈয়ে গুৱাহাটী মহানগৰীত সামাজিক সংক্রমণ আৰম্ভ হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে৷

আনকি অতি শেহতীয়াকৈ অসম আৰক্ষীৰ কেইবাজনো বিষয়া–কনিষ্টবল আক্রান্ত হোৱা ঘটনায়ো এই সম্ভাৱনা অধিক স্পষ্ট কৰিছে৷ পাণবজাৰ আৰক্ষী থানাৰ কেইবাজনো আৰক্ষী বিষয়াৰ লগতে জোৱানক কোৱাৰেণ্টাইন কৰাৰ পাছত আজি যান–বাহন শাখাৰ উপ–পৰিদর্শক মস্কো শইকীয়া নামৰ বিষয়াজন ক’ৰোনাত আক্রান্ত হৈছে৷ এনে অৱস্থাত স্বাস্থ্য বিভাগে ৫০ হাজাৰ লোকৰ ছোৱাব টেষ্ট কৰাৰ বাবে আৰম্ভ কৰা অভিযানত অধিক লোক পজিটিভ চিনাক্ত হোৱাৰ সম্ভাৱনা আছে৷

স্বাস্থ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰা মতে, গুৱাহাটী মহানগৰীত ১২টা স্ক্রীনিং শিবিৰত ১৫ জুনৰ পৰা চলোৱা পৰীক্ষাত ১৪৪জন লোক আক্রান্ত ৰূপে চিনাক্ত হৈছে৷ ইফালে, স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ২১ জুনত মহানগৰীত এই স্ক্রীনিং শিবিৰৰ পৰাই প্রায় ১০০জন লোক পজিটিভ বুলি চিনাক্ত হোৱাৰ বিপৰীতে কালি পুনৰ অর্ধশতাধিক লোক ক’ৰোনা আক্রান্ত বুলি চিনাক্ত হৈছে৷ সমগ্র ৰাজ্যতে ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও গুৱাহাটীত বৃদ্ধিৰ হাৰ অস্বাভাৱিক৷ এনে অৱস্থাত অহা সময়ছোৱাত মহানগৰীৰ পৰিস্থিতি অধিক অৱনমিত হোৱাৰ হোৱাৰ আশংকাই দেখা দিছে৷

ভয়াৱহ সংক্রমণৰ পিছতো গা লৰা নাই গুৱাহাটীবাসীৰ

ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ফলত গুৱাহাটীৰ পৰিস্থিতি ক্রমাৎ বেয়ালৈ ঢ়াল খালেও গা লৰা নাই মহানগৰবাসীৰ৷ পুৱাৰ পৰা নিশালৈকে গুৱাহাটীৰ বজাৰে–সমাৰে তথা ৰাজপথত ব্যাপক ভিৰ পৰিলক্ষিত হৈ আহিছে৷ মহানগৰীখনত য’তে–ত’তে বজাৰ বহাত সামাজিক দূৰত্বৰ নিয়ম প্রতিমুহূর্তত ভংগ হৈছে৷ দেশজুৰি অব্যাহত থকা লকডাউনৰ কোনো নীতি–নিয়মেই যেন পৰিলক্ষিত নহয় মহানগৰীত৷ লকডাউন শিথিল কৰি অর্থনৈতিক কাম–কাজ চলোৱাৰ অনুমতি প্রদান কৰিলেও কেতবোৰ নীতি–নিয়ম বান্ধি দিছিল প্রশাসনে৷

কিন্তু গুৱাহাটীত কোনো নীতি–নিয়ম পালন কৰা পৰিলক্ষিত হোৱা নাই৷ মহানগৰীৰ দোকান–ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ লগতে প্রতিদিনে বজাৰসমূহত অনর্থক ভিৰ কৰিছে একাংশ লোকে৷ গাতে গা লগাই হাটে–বজাৰে মহানগৰবাসীয়ে ভিৰ কৰাত ক’ৰোনাৰ অধিক দ্রুত সংক্রমণৰ আশংকা কৰা হৈছে৷ বিশেষকৈ মহানগৰীৰ ফাঁচীবজাৰ ক’ৰোনাৰ হটস্পট হিচাপে বিবেচিত হৈছে৷ ফাঁচীবজাৰৰ কেইবাটাও স্থানক কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷

কিন্তু এই কনটেইনমেণ্ট জ’নসমূহৰ সমীপতে একাংশই ভিৰ কৰা দেখা গৈছে৷ কেৱল ফাঁচীবজাৰতে নহয়, আঠগাঁও, বিষ্ণুপুৰ, মালিগাঁও, পাণ্ডু আদি কনটেইনমেণ্ট জ’নৰ সমীপতো একেই দৃশ্য পৰিলক্ষিত হৈছে৷ ইফালে, মহানগৰীত পুনৰ আক্রান্ত হৈছে আৰক্ষী৷ মহানগৰীৰ ভৰলু থানাৰ এ এছ আই নেহৰু পাটগিৰিৰ শৰীৰতো ধৰা পৰিছে ক’ভিড৷ মহানগৰীৰ ব্যক্তিগত এখন হাস্পতালত ভর্তি হোৱা এগৰাকী গর্ভৱতী মহিলাও ক’ৰোনা পজিটিভ হৈছে বুলি জানিব পৰা গৈছে৷

সম্প্রতি মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছে৷ নুনমাটি শোধনাগাৰৰ এগৰাকী কর্মচাৰীও ক’ৰোনাত আক্রান্ত হৈছে৷ উল্লেখ্য যে সমগ্র ৰাজ্যত আৰক্ষীয়ে মাস্ক পৰিধান নকৰা ব্যক্তিক জৰিমনা বিহি আহিছে৷ বর্তমানলৈ ৰাজ্যত মাস্ক পৰিধান নকৰা ব্যক্তিৰ পৰা আৰক্ষীয়ে সংগ্রহ কৰিছে ৫০ লাখৰো অধিক টকা৷ ইয়াৰে মহানগৰীত যোৱা ২১ জুন পর্যন্ত ১৪ লাখ টকাৰ জৰিমনা সংগ্রহ কৰিছে আৰক্ষীয়ে৷

You might also like