ক’ভিড আক্রান্ত যুৱকক লৈ আতংকিত বিজুলী নগৰবাসী
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ গুৱাহাটী মহানগৰী বর্তমান ক’ভিড গণ সংক্রমণৰ কেন্দ্রস্বৰূপ হৈ পৰিছে৷ বিশেষকৈ গণ সংক্রমণৰ হটস্পট হিচাপে চিহ্ণিত হৈছে উত্তৰ–পূর্বাঞ্চলৰ বাণিজ্যিক কেন্দ্রস্বৰূপ ফাঁচীবজাৰ৷ আলু গুদামৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ কেইবাখনো কাপোৰ বিক্রী প্রতিষ্ঠানৰ কর্মচাৰী ক’ভিডত আক্রান্ত হোৱাৰ পিছতে মহানগৰীৰ কেইবাটাও অঞ্চল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে আন বহুকেইটা অঞ্চল অঘোষিতভাৱে কণ্টেইনমেণ্ট জ’ন হোৱাত আতংকৰ মাজেৰে সময় অতিবাহিত কৰিছে অঞ্চলবাসী৷ তেনে এক অঞ্চল হৈছে ২২নং ৱার্ডৰ বিজুলী নগৰ অঞ্চল৷
প্রাপ্ত তথ্য অনুসৰি অঞ্চলটোৰ এজন যুৱক ক’ৰোনাত আক্রান্ত হোৱাৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে৷ তথ্যমতে অঞ্চলটোৰ যুৱকজনে দীর্ঘদিনৰ পৰা ফাঁচীবজাৰৰ এটা কাপোৰৰ ব্যৱসায়িক প্রতিষ্ঠানত কর্মচাৰী আছিল৷ প্রথমতে প্রতিষ্ঠানটোৰ স্বত্ত্বাধিকাৰীগৰাকী ক’ভিডত আক্রান্ত হোৱাৰ পিছত পৰৱর্তী সময়ত কর্মচাৰীসকলৰ ছোৱাব পৰীক্ষা কৰাত বিজুলী নগৰৰ বাসিন্দা পৰিতোষ নামৰ যুৱকজনৰ শৰীৰৰ ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷ তাৰ পিছতে বাসগৃহৰ পৰা যুৱকজনক চিকিৎসালয়লৈ প্রেৰণ কৰে স্বাস্থ্য বিভাগে৷
জানিব পৰা মতে ছোৱাব সংগ্রহৰ পৰা কেইবাদিন নিজ গৃহত মুকলিকৈ থকা যুৱকজনে অঞ্চলটোৰ বহু লোকৰ সংস্পর্শলৈ আহিছিল৷ তিনিদিন পূর্বে যুৱকজন স্থানান্তৰ বাবে যদিও যুৱকজনৰ পৰিয়ালটোক হোম কোৱাৰেণ্টাইন নকৰা কার্যত অধিক শংকিত হৈ পৰিছে অঞ্চলবাসী৷ তদুপৰি পোনপটীয়া সংস্পর্শলৈ অহাসকলেও শংকাত বিনিদ্র ৰজনী কটাইছে৷ অৱশ্যে কালি স্বাস্থ্য বিভাগৰ এটা দলে যুৱকজনৰ পোনপটীয়া সংস্পর্শলৈ অহা ১৭জনৰ ছোৱাব ল’বলৈ সক্ষম হোৱা নাই৷ ফলত এসপ্তাহ ধৰি আক্রান্ত যুৱকজন একেৰাহে অঞ্চলটোত থকাত ভয়ানক গণ সংক্রমণৰ আশংকাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী৷ তদুপৰি আন আন অঞ্চলৰ দৰে অঞ্চলটো এইপর্যন্ত কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা নকৰাত অধিক শংকিত হৈ পৰিছে৷ ফলত একপ্রকাৰ অঘোষিত লকডাউন সদৃশ হৈ পৰিছে বিজুলী নগৰ অঞ্চলটো।