নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ মাজতে ৰাজ্যত কৃষি কর্ম আৰম্ভ কৃষকৰ

নিয়মীয়া বাৰ্তা, ১ মেঃ  ব’হাগৰ প্রথমজাক বৰষুণত চহাৰ কঠীয়াতলীত সৃষ্টিৰ উন্মাদনাৰে জিপাল হয় ছন পৰা ভূমি৷ বাঢ়ি যায় আশাৰ পৰিধি৷ ঠন ধৰে গজালিয়ে সেউজী ধৰাত আৰু পোখা মেলি ৰূপ লয় চহাৰ সপোন৷ ব’হাগ মাহত কৃষকৰ মনত ফুলে হাজাৰটা সপোন৷ কাৰণ ন ব’হাগত চহা কৃষক ৰাইজে কপালৰ ঘাম মাটিত পেলাই আৰম্ভ কৰে কৃষিকার্য৷

দেশত ক’ৰোনা মহামাৰীৰ বিভীষিকা ৰুধিবলৈ অৱ্যাহত থকা লকডাউনৰ মাজতে চহা কৃষক ৰাইজে সম্প্রতি আৰম্ভ কৰিছে কৃষি কার্য৷ ব’হাগৰ প্রথমজাক বৰষুণত জিপাল হৈ পৰা উদং পথাৰখন পুনৰ সেউজীয়া কৰাত ব্যস্ত হৈ পৰিছে গ্রামাঞ্চলৰ কৃষিজীৱী ৰাইজ৷ গ্রামাঞ্চলৰ কৃষক ৰাইজে অৱগত কৰা অনুসৰি– এমাহ ধৰি লকডাউন অব্যাহত থকাত বহু পলম হৈছে খেতি–খোলা আৰম্ভ কৰাৰ৷ আজিও ভৰালতেই আছে কঠীয়াৰ তোম৷ আৰম্ভ  কৰিছেহে মাথোঁ মাটি চহোৱা কার্য৷

উল্লেখ্য যে দুখে যেন কুলাই–পাচিয়ে নধৰে খাটিখোৱা কৃষকৰ৷ এমাহ ধৰি ঘৰতে আবদ্ধ কৃষকসকল চিন্তিত এতিয়া সমাগত বানপানীক লৈ৷ কাৰণ বান আহিলে মুহূর্ততে তচনচ কৰি থৈ যায় এইসকল কৃষকৰ সপোন৷ বাৰে বাৰে এনে ভয়াৱহ সমস্যাৰ লগত সহাৱস্থান কৰিও যেন হাৰ মানিব নোখোজে এইসকল কৃষক৷ কাৰণ এইসকলৰ বাবে জীৱন জীৱীকাৰ একমাত্র ভৰসা মাথোঁ সোণগুটিৰ পথাৰডৰা৷ সচৰাচৰ দেখিবলৈ পোৱা অনুসৰি ব’হাগ মাহৰ শেষৰফালে নৈপৰীয়া অথবা দ অঞ্চলৰ লোকসকলে অমনা, মাগুৰী আদি বাওধান ধানৰ কঠীয়া ৰুবলৈ আৰম্ভ কৰে৷ যাতে বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পূর্বেই দ পথাৰসমূহত বাওধানৰ ৰোৱাসমূহ সবল হৈ পৰে৷ কিন্তু এইবাৰ সেয়া কৰিবলৈ সুবিধাই নাপালে বহু কৃষকে৷

You might also like