নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ বজাৰত মান্যতাহীন ধানৰ বীজঃ কৃষকক শিখণ্ডী কৰি লুণ্ঠনৰ অভিসন্ধি বহিৰাগত কোম্পানীৰ

নিয়মীয়া বাৰ্তা, ২৪ মে : বছৰৰ প্রথমটো বানে ৰাজ্যত বিস্তীর্ণ কৃষিভূমি প্লাৱিত কৰিলেও শালি ধানৰ কঠীয়া সিঁচিবলৈ সাজু হৈছে ৰাজ্যৰ কৃষক জনতা৷ শালি খেতিৰ বতৰৰ সুযোগ লৈ অসমৰ কৃষকক শিখণ্ডী কৰি লুণ্ঠনৰ অভিসন্ধিৰে একাংশ বহিৰাগত কোম্পানী তৎপৰ হৈ পৰিছে৷ ইতিমধ্যে ৰাজ্যৰ বজাৰত উভৈনদী হৈ পৰিছে এনে কোম্পানীৰ বিভিন্ন ব্রেণ্ডৰ মান্যতাহীন (নন–চার্টিফাইড) ধানৰ বীজ৷ মুনাফা লুটাৰ অংকৰে বহিঃৰাজ্যৰ কোম্পানীৰ এনে দুষ্কার্যত ধাৰ–ঋণ লৈ মূৰৰ ঘাম মাটিত পেলাই কৃষিকর্ম কৰিও খেতিয়কে ফচলৰ পৰিৱর্তে পতান পোৱাৰহে আশংকা প্রকট হৈ পৰিছে৷ প্রৱঞ্চনাৰ এই জাল সন্দর্ভত শেহতীয়াকৈ উন্মোচিত হৈছে কেতবোৰ বিস্ফোৰক তথ্য৷

আমাৰ হাতত পৰা তথ্য অনুসৰি পশ্চিমবংগৰ পল্লিশ্রী প্রাইভেট লিমিটেড, ভাৰত নার্ছাৰী কোম্পানী আৰু জি এম এছ এগ্রিটেক প্রাইভেট লিমিটেড নামৰ তিনিটা প্রতিষ্ঠানে অসমৰ বজাৰত মেলি দিছে ক্রমে সুফলা, চক্র আৰু জি এম এছ ব্রেণ্ডৰ ধানৰ বীজ৷ প্রতিষ্ঠান তিনিওটাৰ তৰফৰ পৰা সুফলা–চক্র–জি এম এছ ব্রেণ্ডক উন্নত জাতৰ ধানৰ বীজ বুলি প্রচাৰ কৰি তথা অধিক উৎপাদনৰ আশা দেখুৱাই নির্দিষ্ট ডীলাৰৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্রান্তত বিক্রী কৰি থকা হৈছে৷ নিয়ম অনুসৰি যিকোনো বীজৰ ক্ষেত্রতে কেন্দ্র বা ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষৰ তৰফৰ পৰা মান্যতা (চার্টিফাই)প্রাপ্ত হ’ব লাগে৷ কিন্তু উক্ত তিনিওটা ধানৰ বীজৰ ক্ষেত্রত ৰাজ্য–কেন্দ্রীয় চৰকাৰৰ কোনো ধৰণৰ মান্যতা নাই৷ প্রমাণীকৃতৰ প্রমাণ–পত্র, মার্কেটিঙৰ প্রমাণ–পত্র আৰু প্রিঞ্চিপাল চার্টিফিকেট অবিহনে সম্পূর্ণ অবৈধভাৱে তিনিওটা প্রতিষ্ঠানে অসমত উক্ত ব্রেণ্ডকেইটাৰ ধানৰ বীজ বিক্রী কৰি আছে৷

ইতিমধ্যে বৰপেটা, কামৰূপ (মহানগৰ) আৰু দৰং জিলাত চৰকাৰী নীতি–নিয়মক অংগুষ্ঠ দেখুৱাই ডীলাৰশ্বিপো প্রদান কৰিছে প্রতিষ্ঠানকেইটাই৷ তথ্য অনুসৰি বৰপেটাৰোডত কৃষি কল্যাণ, গুৱাহাটীৰ মাছখোৱাত ইণ্ডোচিট ফাণ্ড–কৃষ্ণ ফার্টিলাইজাৰ আৰু দৰং জিলাত ৰহমান এগ্র’–আছাম গ্রীন হাউছক মান্যতাহীন ব্রেণ্ডকেইটাৰ ধানৰ বীজ বিক্রীৰ ডীলাৰশ্বিপ প্রদান কৰিছে৷

ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ উপ–সঞ্চালক (বীজ)ৰ তৰফৰ পৰা তথ্য জনাৰ অধিকাৰ আইনৰ বিপৰীতে এগ্রি/ডেভেলপমেণ্ট–ক্রোপ/আৰটিআই (চিডছ)/১৯৩/২০২২–২৩/৫৩৭ নম্বৰৰ এখন পত্রযোগে যোৱা ২৯ এপ্রিলত স্পষ্ট কৰি দিয়া অনুসৰি সুফলা–চক্র–জি এম এছ ব্রেণ্ডৰ ধানৰ বীজ বিক্রী কৰিবলৈ কোনোধৰণৰ অনুমতি প্রদান কৰা নাই৷ লগতে পল্লিশ্রী প্রাইভেট লিমিটেডৰ বিপৰীতে পাইকাৰী বীজৰ অনুজ্ঞাপত্র ইছ্যু কৰা নাই বুলি একেখন পত্রৰ জৰিয়তে স্পষ্ট কৰি দিয়া হৈছে৷ এনে অৱস্থাত স্বাভাৱিকতে কিদৰে পশ্চিমবংগৰ প্রতিষ্ঠানকেইটাই অবৈধভাৱে উন্নতজাতৰ বুলি প্রচাৰ চলাই মান্যতাহীন ধানৰ বীজ ৰাজ্যৰ বজাৰত মেলি দিবলৈ সক্ষম হ’ল, তাক লৈ স্বাভাৱিকতে ৰহস্য সৃষ্টি হৈছে৷

উত্থাপিত অভিযোগ অনুসৰি ইয়াৰ আঁাঁৰত আছে খোদ কৃষি বিভাগৰ একাংশ কমিছনলোভী বিষয়া৷ ৰাজ্যৰ প্রতিখন জিলাতে একোজনকৈ কৃষি উন্নয়ন বিষয়া নিয়োজিত হৈ আছে৷ যিকোনো বীজৰ গুণাগুণ তথা ইয়াৰ বিক্রী আদি দিশতো কৃষি উন্নয়ন বিষয়াসকলে পর্যবেক্ষণৰ আওতাত ৰাখিব লাগে৷ কিন্তু একমাত্র মুনাফা অর্জনৰ স্বার্থতেই কৃষি বিভাগৰ একাংশ বিষয়া–কর্মচাৰীয়ে গোপন বুজাবুজিৰে মান্যতাহীন ধানৰ বীজ বিক্রীৰ সুযোগ প্রদান কৰিছে বহিঃৰাজ্যৰ প্রতিষ্ঠানকেইটাক৷

উল্লেখ্য যে প্রতিবছৰে ৰাজ্যৰ বিভিন্ন স্থানত খেতিয়কসকলে অশেষ কষ্ট কৰিও ফচলৰ সলনি পতান পোৱা ঘটনা ঘটি আহিছে৷ ইয়াৰ মূলতে দুষ্টচক্রৰ ঠগ–প্রৱঞ্চনা৷ অধিক উৎপাদনৰ আশা দেখুৱাই এই চক্রটোৱে মান্যতাহীন ধানৰ বীজ বিক্রী কৰি কৃষক জনতাক ঠেলি দিছে দুর্ভোগৰ দিশলৈ৷ এইবাৰো পশ্চিমবংগৰ প্রতিষ্ঠানকেইটাৰ কাৰচাজিত একেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা প্রকট৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল উক্ত তিনিওটা ব্রেণ্ডৰ বীজ খেতিয়কৰ মাজত যথেষ্ট উচ্চ নিৰিখত বিক্রী কৰি থকা হৈছে৷

তথ্য অনুসৰি দৰং জিলাৰ দলগাঁৱৰ শিমলুগুৰিস্থিত ৰায়ান এগ্র’ এজেন্সী নামৰ বিপণীখনত প্রতি ছয় কিলোগ্রামৰ সুফলা ব্রেণ্ডৰ ধানৰ বীজ এটা পেকেট বিক্রী কৰা হৈছে ৩৭০ টকাত৷ সেইদৰে চক্র ব্রেণ্ডৰ বীজৰ মূল্য হ’ল ৩৩০ টকা৷ এই সমগ্র বিষয়টো ইতিমধ্যে যোৱা ৯ মে’ত এখন পত্রযোগে কৃষি সঞ্চালকক অৱগত কৰিছে প্রকাশ কুমাৰ শইকীয়া নামৰ এজন কৃষকে৷ এতিয়া খেতিয়কক প্রৱঞ্চনাৰে লুণ্ঠনৰ নিচিনা এটা অতি স্পর্শকাতৰ কার্যৰ ক্ষেত্রত কৃষি বিভাগ তথা সংশ্লিষ্ট কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like