🔹 ভূমিৰ বক্ষ বিদাৰি সৃষ্টিৰ মালিতা লিখাৰ সংগ্রাম
বিশেষ বাৰ্তা, ২৯ মেঃ ভূমি কর্ষণৰ বাবে শ্রীকৃষ্ণৰ সুদর্শন চক্রস্বৰূপ নাঙলক লৈয়েই এতিয়া ব্যস্ততা বাঢ়িছে চহাৰ ৷ সভ্যতাৰ দিন ধৰি ধৰাৰ বক্ষ বিদাৰি সৃষ্টিৰ ইতিহাস লিখিবলৈ মানৱ সমাজক প্রৰোচিত কৰা নাঙল কোনো চহা গঞাৰ জীৱিকাৰে একমাত্র সম্বল নহয় ৷ নহয় নাঙল নামৰ সঁজুলিবিধ কোনো পানী–বোকা খচকি লুতুৰি–পুতুৰি হোৱা ঘর্মাক্ত শৰীৰৰ খেতিয়কজনৰ তূনত সঞ্চিত পাশুপাত ৷ নাঙল সভ্য জীৱনৰ আদিমতম প্রতীক ৷ ইয়াৰ আৱিষ্কাৰ আৰু নতুনত্বই মানৱ সভ্যতাৰ ন–দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছিল ৷ কৃষি যান্ত্রিকতাৰ আৱেষ্টনীৰে পূর্ণ পৰিৱেশৰ মাজতো ভঁৰালৰ গাধৈত তুলি থোৱা নাঙলখন যিকোনো চহাৰ আত্মজ, সহোদৰ কিম্বা জীৱন–সংগ্রামৰ ব্রহ্মাস্ত্র ৷ নাঙলৰ সীৰলুত একালত ভোক নিবাৰণৰ কৌশল ৰচনাকাৰী বহু চহাৰ বাবে কর্ষিত ভূমিৰ লিকত প্রোথিত হয় জীৱন–প্রেমৰ বুনিয়াদ ৷ এই যে নাঙলৰ সীৰলুত শাৰী পাতি সপোন ৰোপণ কৰা কৃষকসকল, এওঁলোকতকৈ কোনে বেছিকৈ জানিব যে উভলি মূৰত একেটা আওচতে দুচাহ হাল বাব পাৰি ৷ নাঙলৰ এই কিটিপৰ পিছতো বহুবাৰ জানিবলৈ মন যায় কেইচহ অথবা কিমানবাৰ সমাৰ বোৱাৰ পিছত নাঙলখন ক্ষয় যায় ৷ ফাংফাল নে গজি নাঙলত বেছিকৈ চহ হয় মাটি? নাঙলৰ মুঠি টানকৈ ধৰে নে মেচিন নাৱৰ গুৰিয়ালজনে দিশ নির্ণয় কৰাৰ দৰে ধৰিব লাগে মুঠিটো? সীৰলু পোনাবলৈ স্কেলৰ প্রয়োজনেইবা কিমান? নে হীৰুদাৰ ‘লখিমী’ৰ দৰে… ‘মেটমৰা ধানৰ ডাঙৰি/ ডাঙৰীয়াৰ চোতালত থ’লোঁ৷ এতিয়া, মোক ঘৰলৈ যাবলৈ দিয়া৷/আইজনীৰ মাকৰ গাত লেঠা, এইবেলি ল’ৰা এটা হ’লে ভাল হয় বৰ/জানাইতো খেতিয়কৰ ল’ৰাৰ হাত বৰ চিধা৷’/ মোৰ দেখোন আজিকালি বৰ অলপতে হাত–ভৰি কঁপে৷ বন্দুকতো দূৰৰে কথা, ধনু–কাঁডো জুৰিব নোৱাৰোঁ৷/ আইজনীৰ মাকৰ ল’ৰা এটা হ’লে ভাল হয় এথোন৷ খেতিয়কৰ ল’ৰাৰ বোলে হাত বৰ পোন…৷ এনে বৈপ্লৱিক কবিতাৰ মাজতো নাঙলৰ মুঠিটো সোমাই থকাৰ পিছতো বাৰিষাৰ পথাৰত এতিয়া নাঙলৰ পয়োভৰ প্রায় কমিছে ৷ উৰিয়াম অথবা জামু গছৰ একেখন নাঙল প্রস্তুত কৰা কালত গাঁৱৰ বুঢ়া–মেথাৰ সৰস আলোচনাবোৰ এতিয়া নোহোৱা হৈছে ৷ গছ এজোপা কিবাকৈ কাটিলেই বেঁকাকৈ ডাঙৰ ডালটো দেখিলেই নাঙল হ’ব বুলি অনুমান কৰা খেতিয়কবোৰ নাইকিয়া হ’ল ৷ পথাৰৰ কাষৰ বাঁহগছৰ একেবাৰে পোন ‘ইহ’ বিচাৰি হাইৰান হোৱা খবৰবোৰচোন নোলোৱাই হ’ল ৷ পথাৰৰ এনেবোৰ বিবর্ণ ছবিৰ মাজতো বিশ্বনাথৰ মিজিকা কিম্বা তিনিসুঁতি বজাৰত এতিয়াও নাঙল বিচাৰি ফুৰা খেতিয়কৰ সংখ্যা নগণ্য বুলিব নোৱাৰি ৷ একোখন নাঙলৰ কাঠত ৫/৬শ টকা দৰ উঠিছে ৷ কিন্তু এই কাঠবোৰ নি নাঙলৰ ৰূপত গঢ়ি তুলিবলৈ অৱশ্যে সময় আৰু পৰিশ্রমৰ প্রয়োজন৷ কৃষি প্রযুক্তিৰ চৰম উত্তৰণৰ কালত নাঙলেৰে মাটি চহোৱা কার্য কোনো লোকৰ বাবে এই নিৰর্থক শ্রম হ’ব পাৰে, কিন্তু এচামৰ বাবেই এয়াইতো কৃষকৰ জীৱন৷ এয়াইতো ভূমিৰ বক্ষ বিদাৰি সৃষ্টিৰ মালিতা লিখাৰ সংগ্রাম ৷ সেয়ে আধুনিক প্রযুক্তিৰ দম্ভ আৰু অহংকাৰেৰে কৃষকক প্রলোভিত কৰিলেও নাঙল কিন্তু একাংশৰ বাবে হিয়াৰ আমঠু, কলিজাৰ এফাল ৷
প্ৰেৰক বসন্ত বৰা