নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ ৰাজপথত ১৬ বছৰীয়া প্রেমিকাক হানি–খুঁচি হত্যা

🔹 উত্তৰ প্রদেশত গ্রেপ্তাৰ সাক্ষীৰ হত্যাকাৰী ছাহিলক

বিশেষ বাৰ্তা, ৩০ মেঃ ৰাজধানী দিল্লীত সংঘটিত শিহৰণকাৰী হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দিল্লীৰ ব্যস্ত শ্বাহবাদ অঞ্চলত কিশোৰী প্রেমিকাক প্রেমিকে ছুৰীৰে ৰাজপথতে ৪০বাৰ হনা–খুঁচা কৰাৰ পাছত শিলেৰে মূৰটো থেঁতেলিয়াই হত্যা কৰে ৷ ব্যস্ত ৰাজপথত সাক্ষী নামৰ প্রেমিকাজনীক নির্মমভাৱে হত্যা পেলাই থৈ যোৱা প্রেমিক ছাহিল নামৰ যুৱকজনে পুনৰ উভতি আহি শিলেৰে প্রহাৰ কৰে সাক্ষীক ৷ চিচি টিভিৰ ফুটেজত এই দৃশ্য প্রতিফলিত হৈছে ৷ ৰাজপথত প্রেমিকা সাক্ষীক নৃশংসভাৱে হত্যা কৰি থকা সময়ত ওচৰৰ লোক আঁতৰি গৈছে যদিও কোনেও বাধা প্রদান কৰা নাছিল ৷ প্রেমিকাক নৃশংসভাৱে হত্যা কৰি পলায়ন কৰা ছাহিল নামৰ অভিযুক্তজনক উত্তৰ প্রদেশৰ বুলণ্ডশ্বৰৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৷ আৰক্ষীৰ মতে, সাক্ষী আৰু ছাহিলৰ মাজত প্রেমৰ সম্পর্ক আছিল ৷ এই শিহৰণকাৰী হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পূর্বে দুয়োজনৰ কিবা বিষয়ক লৈ সংঘাত আৰু কাজিয়া হৈছিল ৷ সাক্ষী নামৰ কিশোৰীজনী শ্বাহবাদ ডায়েৰী অঞ্চলৰ জে জে কলনীৰ বাসিন্দা ৷ আনপিনে, হত্যাকাৰী ছাহিল উত্তৰ প্রদেশৰ বুলণ্ডশ্বৰৰ ছৰফাৰজ নামৰ লোক এজনৰ পুত্র ছাহিল ৷ ২০ বছৰীয়া ছাহিল হৈছে ফ্রীজ–এচি মেৰামতিৰ মেকানিক ৷ শিহৰণকাৰী হত্যাকাণ্ডত অভিযুক্ত ছাহিলক দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰি ইতিমধ্যে ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে ৷ এই নৃশংস ঘটনাক লৈ দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতি মালিৱালে আৰক্ষীলৈ জাননী জাৰি কৰিছে ৷ ঘটনা সন্দর্ভত মালিৱালে কয় যে চিচি টিভি ফুটেজত অপৰাধ ৰেকর্ডিং হৈ আছে৷

You might also like