খুমটাই অঞ্চলৰ ধনশিৰি নদীৰ দাঁতিকাষৰীয়া হাতীবৰুৱা চাপৰিত দহজনীয়া কৃষকৰ দলে সমন্বয় গোট নামেৰে এটি গোট খুলি সমবায় ভিত্তিত আলু, সৰিয়হ আদিৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে।
গোলাঘাট জিলা কৃষি বিভাগে যোগান ধৰা বীজ ৰোপণ কৰি কৃষককেইগৰাকীয়ে কৃষিকৰ্মত নিয়োজিত হৈ পৰেছে। কৃষক গোটটোৱে বিগত তিনি বছৰ সমবায় ভিত্তিত কৃষিকৰ্ম কৰি লাভাম্বিত হোৱা বুলি জানিব পৰা গৈছে। কৃষিকৰ্ম কৰিবলৈ গোটৰ নিজা সঁজুলি নথকাৰ বাবে গোটৰ কৃষক কেইবাগৰাকীয়ে একগোট হৈ কৃষিকাৰ্য সম্পাদন কৰি আহিছে। কৃষক গোটটোৰ এনে পদক্ষেপক কৃষক সমাজে আদৰণি জনাইছে।