নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতিয়াত পিতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল পুত্ৰৰ

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ : চতিয়াৰ উত্তৰ প্ৰান্তৰ মনাই চাহ বাগিচাত কালি নিশা এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ উক্ত হত্যাকাণ্ডত পিতৃৰ হাতত নিহত হয় নিজ পুত্ৰ। প্ৰাপ্ত খবৰ মতে, দেওবাৰে নিশা আঠ মান বজাত চতিয়া থানাৰ অন্তৰ্গত মনাই বাগিচাৰ ১১নং লাইনৰ প্ৰফুল্ল পাটৰৰ দাৰ ঘাপত প্ৰাণ হেৰুৱায় পুত্ৰ প্ৰবীণ পাটৰে (২৫) ৷ স্থানীয় বাসিন্দাৰ পৰা জানিব পৰা মতে, প্ৰফুল্ল পাটৰৰ পুত্ৰ প্ৰবীণ পাটৰে প্ৰায়ে নিশা সুৰাপান কৰি আহি ঘৰত উপদ্ৰৱ চলায়৷ কালি নিশা সুৰাপান কৰি অহা পুত্ৰৰ সৈতে পিতৃৰ বাকবিতণ্ডা হয় ৷ উত্তেজিত পিতৃয়ে এখন দাৰে পুত্ৰক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ সময়তে দুয়োৰে মাজত টনা-আঁজোৰা লাগি দাৰ ঘাপত পুত্ৰৰ মৃত্যু হয় ৷ নিশাই ইটাখোলা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী প্ৰফুল্ল পাটৰক আটক কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত দাখন জব্দ কৰে ৷ বৰ্তমান হত্যাকাৰী প্ৰফুল্ল পাটৰক অধিক সোধা-পোছাৰ বাবে চতিয়া থানাত ৰখা হৈছে ৷ উল্লেখ্য যে চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত চুলাই মদৰ অবাধ প্ৰচলনে চাহ বনুৱাসকলৰ আৰ্থ-সামাজিক দিশৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পেলাই আহিছে ৷ চাহ জনজাতি সংগঠন নাইবা আবকাৰী বিভাগ কোনেও জ্বলন্ত সমস্যাটো প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰাত এনে ধৰণৰ নিদাৰুণ ঘটনাৰ পুনৰাবৃত্তি ঘটা বুলি সচেতন লোকে মত প্ৰকাশ কৰিছে ৷
প্ৰেৰক প্ৰণৱ ওজা
You might also like