নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোহিত সাগৰত ভাৰতীয় জাহাজত ড্রোন আক্রমণ

🔹ইজৰাইল–হামাছৰ যুদ্ধৰ মাজতে ইৰানৰ ‘হুথী’ গোটে সমুদ্র পথত সৃষ্টি কৰিছে আতংক
বিশেষ বাৰ্তা, ২৫ ডিচেম্বৰ : এইবাৰ লোহিত সাগৰত ভাৰতীয় বাণিজ্যিক জাহাজৰ ওপৰত সংঘটিত হ’ল ড্রোন আক্রমণ৷ খাৰুৱা তেল পৰিবহণকাৰী এই টেংকাৰ জাহাজৰ ওপৰত আক্রমণ চলাইছে য়েমেনৰ হুথী বিদ্রোহীয়ে৷ এম ভি ছাইবাবা নামৰ টেংকাৰ জাহাজখনত আছিল ২৫ ভাৰতীয় নাবিক৷ এই নাবিকসকল সুৰক্ষিত অৱস্থাত থকা বুলি জানিব পৰা গৈছে৷ ইয়াৰ উপৰি নৰৱেৰ পতাকা লগোৱা এম ভি ব্লামানেন নামৰ জাহাজ এখনৰ ওপৰতো হুথীয়ে আক্রমণ চলায়৷ সমুদ্রৰ নিকটৱর্তী এখন আমেৰিকান জাহাজে এই দুয়োখন জাহাজক সাহায্য আগবঢ়ায়৷ ইজৰাইল–হামাছৰ যুদ্ধৰ মাজত লোহিত সাগৰত বিদেশী ৰাষ্ট্রৰ জাহাজত এনেদৰে আক্রমণ সংঘটিত হোৱা ঘটনাক তাৎপর্যপূর্ণ বুলি ধাৰণা কৰা হৈছে৷ মার্কিন সেনাই সদৰী কৰা অনুসৰি, আক্রান্ত দুয়োখন জাহাজৰ পৰা আমেৰিকান টহলদাৰী জাহাজৰ সৈতে যোগাযোগ কৰা হয়৷ নৰৱেৰ জাহাজখনত ৰাসায়নিক সামগ্রী আছিল৷ লক্ষণীয়ভাৱে ভাৰতীয় জাহাজৰ ওপৰত হুথীয়ে আক্রমণ কৰাৰ লগে লগে বিষয়টোক লৈ বিশেষ চর্চা চলিছে৷ হুথীয়ে ইজৰাইল–হামাছৰ যুদ্ধৰ মাজতে হামাছক সমর্থন কৰিছে৷ ভাৰতে যুদ্ধৰ বিৰোধিতা কৰিছে যদিও বন্ধু ৰাষ্ট্র ইজৰাইলৰ প্রতি সহমর্মিতা প্রদর্শন কৰি আহিছে৷ গতিকে ভাৰতীয় জাহাজত হুথীৰ আক্রমণ প্রতিশোধ হিচাপে গণ্য কৰিছে বিভিন্ন মহলে৷ উল্লেখনীয় যে পৰহি গুজৰাটৰ ওচৰত এখন ইজৰাইলী বাণিজ্যিক জাহাজত ড্রোনেৰে আক্রমণ চলাইছিল হুথীয়ে৷ এই আক্রমণত জাহাজখনৰ ক্ষতি হয় যদিও কোনো লোক হতাহত হোৱা নাছিল৷ ছৌদি আৰবৰ পৰা আহি আছিল জাহাজখন৷ এই জাহাজখনত আছিল ২০জন ভাৰতীয়৷ উপকূলৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰে৷ লক্ষণীয়ভাৱে লোহিত সাগৰ আৰু আৰব সাগৰত শেহতীয়াকৈ ড্রোন আক্রমণ বৃদ্ধি কৰিছে ইৰান সমর্থিত য়েমেনৰ হুথী বিদ্রোহীয়ে৷

You might also like