নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এফচিআইৰ দুই অৱসৰপ্রাপ্ত বিষয়াসহ তিনি বিষয়াক গ্রেপ্তাৰ

ভাৰতীয় খাদ্য নিগমত চাউল কেলেংকাৰি

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ  ভাৰতীয় খাদ্য নিগমৰ ৫ কোটি টকীয়া চাউল চুৰি কেলেংকাৰিত জড়িত তিনি অভিযুক্তক আজি অর্থনৈতিক অপৰাধ অনুসন্ধান শাখাই (বি আই ই অ’) গ্রেপ্তাৰ কৰে৷ ধৃত অভিযুক্তকেইজন হ’ল– ভাৰতীয় খাদ্য নিগমৰ তদানীন্তন মহাপ্রবন্ধক তথা বর্তমান মালিগাঁওস্থিত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য কার্যালয়ত মুখ্য বাণিজ্যিক প্রবন্ধক হিচাপে কর্মৰত লক্ষেশ্বৰ শইকীয়া, নিগমৰ অৱসৰপ্রাপ্ত সহকাৰী মহাপ্রবন্ধক (ঠিকা) ধীৰম্ব হাজৰিকা আৰু অৱসৰপ্রাপ্ত হিচাপ মহাপ্রবন্ধক–১ (ঠিকা) তিলক চন্দ্র ভট্টাচার্য৷ বি আই ই অ’ৰ কার্যালয়ত আজি এখন সংবাদ মেলত তদন্তকাৰী সংস্থাটোৰ আৰক্ষী অধীক্ষক পূৰবী মজুমদাৰে তিনি অভিযুক্তক গ্রেপ্তাৰৰ কথা সদৰী কৰে৷ সংবাদ মেলত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ২০১৮ বর্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটীস্থিত ভাৰতীয় খাদ্য নিগমৰ পৰা অৰুণাচললৈ প্রেৰণ কৰা চাউল চুৰি হোৱা ঘটনাৰ তদন্ত কৰিবলৈ চি বি আইক নির্দেশ দিয়ে৷ পৰৱর্তী সময়ত খাদ্য নিগমৰ চাউল চুৰিৰ ঘটনাটোৰ তদন্তৰ দায়িত্ব বি আই ই অ’লৈ হস্তান্তৰ কৰা হয়৷ সেইমর্মে ভাৰতীয় দণ্ডবিধিৰ ১২০ (খ)/৪০৬/৪২০/৪৬৮ আৰু ৪৭১ ধাৰাত ৮/২০১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰি বি আই ই অ’ৱে চাউল চুৰি কেলেংকাৰিৰ তদন্ত প্রক্রিয়া আৰম্ভ কৰে৷ এই গোচৰটোৰ তদন্তত পর্যাপ্ত তথ্য লাভ কৰাৰ পাছতে তিনি অভিযুক্ত লক্ষেশ্বৰ শইকীয়া, ধীৰম্ব হাজৰিকা আৰু তিলক চন্দ্র ভট্টাচার্যক গ্রেপ্তাৰ কৰা হয়৷

সংবাদ মেলত আৰক্ষী অধীক্ষক পূৰবী মজুমদাৰে লগতে কয় যে ২০১৩–১৪ বর্ষত ভাৰতীয় খাদ্য নিগমৰ চাউল অসমৰ পৰা অৰুণাচললৈ প্রেৰণৰ বাবে আৰ কে কে এণ্টাৰপ্রাইজক ঠিকা দিয়া হৈছিল৷ সেই সময়ত ভাৰতীয় খাদ্য নিগমৰ গুৱাহাটীস্থিত মুখ্য কার্যালয়ত মহাপ্রবন্ধক হিচাপে কার্যনির্বাহ কৰিছিল লক্ষেশ্বৰ শইকীয়াই৷ নিগমৰ চাউল অসমৰ হোজাইস্থিত শাখা কার্যালয়ৰ পৰা অৰুণাচললৈ প্রেৰণ কৰাৰ কথা আছিল৷ কিন্তু ঠিকা লাভ কৰা প্রতিষ্ঠানটোৱে হোজাইৰ পৰিৱর্তে নিগমৰ নগাঁও শাখা কার্যালয়ৰ পৰা অৰুণাচললৈ চাউল প্রেৰণ কৰে৷ অৰুণাচললৈ প্রেৰণ কৰা চাউলৰ ভিতৰত ঠিকাদাৰে নিগমৰ একাংশ কর্মচাৰীৰ সহযোগত ১১১খন ট্রাকত নিয়া প্রায় ৫ কোটি টকা মূল্যৰ চাউল চুৰি কৰে৷ কেৱল সিমানেই নহয়, চাউল প্রেৰণৰ ঠিকা লাভ কৰা প্রতিষ্ঠানে হোজাইস্থিত খাদ্য নিগমৰ কার্যালয়ত বেংক গেৰাণ্টী জমা দিয়া নাছিল৷ ইয়াৰ পৰিৱর্তে খাদ্য নিগমৰ গুৱাহাটীস্থিত মুখ্য কার্যালয়ৰ সংশ্লিষ্ট ঠিকাদাৰী প্রতিষ্ঠানটোৱে বেংক গেৰাণ্টী দিয়া বুলি এখন ভুৱা পত্র দাখিল কৰি নগাঁৱৰ কার্যালয়ৰ পৰা চাউল লৈ যায়৷ ইয়াৰ ফলত নিগমৰ প্রায় ৩০ লাখ টকা লোকচান হয়৷ এই কেলেংকাৰিত খাদ্য নিগমৰ সেই সময়ৰ মহাপ্রবন্ধক লক্ষেশ্বৰ শইকীয়া, সহকাৰী মহাপ্রবন্ধক ধীৰম্ব হাজৰিকা (ঠিকা) আৰু হিচাপ মহাপ্রবন্ধক–১ (ঠিকা) তিলক চন্দ্র ভট্টাচার্যৰ জড়িত আছিল৷ এই বিষয়া তিনিজনে সকলো নীতি–নিয়ম উলংঘা কৰি পাৱাৰ অৱ এটর্নী থকা তিনিটা প্রতিষ্ঠানক খৰখেদাকৈ ঠিকা আবণ্টন দিয়ে৷ লগতে প্রতিষ্ঠান তিনিটাই দাখিল কৰা প্রায় ১.২ কোটি টকাৰ বেংক গেৰাণ্টী আচল নে নকল, সেয়া পৰীক্ষা নকৰাকৈ ঠিকা প্রদান কৰে৷ লগতে বেংক গেৰাণ্টীৰ জৰিয়তে খাদ্য নিগমক কোনো টকা জমা নিদিয়াকৈ ৫ কোটি টকা মূল্যৰ ১১১খন ট্রাকৰ চাউল চুৰি কৰি নিয়ে ঠিকাদাৰী প্রতিষ্ঠানকেইটাই৷ এই ঘটনা সংক্রান্তত জড়িত ঠিকা প্রতিষ্ঠানৰ দুজন স্বত্বাধিকাৰীক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্রকাশ কৰে৷

You might also like