নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেব্রুৱাৰীত ৬ জনগোষ্ঠী বর্তমানৰ জনজাতি সংগঠনৰ বৈঠক

৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দর্ভত ড০ শর্মা

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ  অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ অহা ফেব্রুৱাৰীৰ ভিতৰত উক্ত ছয় জনগোষ্ঠীৰ নেতৃত্ব আৰু বর্তমানৰ জনজাতি সংগঠনৰ নেতৃত্বৰ মাজত চৰকাৰে মুখামুখি বৈঠক অনুষ্ঠিত কৰিব৷ সেই বৈঠকৰ পিছতেই জনজাতিকৰণৰ বিষয়টোক লৈ বহু ইতিবাচক দিশ দেখা পোৱা যাব৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ মঙলবাৰে দুলীয়াজানত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রসংগত কয় যে বিষয়টোক লৈ অসম বিধানসভাই সর্বসন্মতভাৱে গ্রহণ কৰা সিদ্ধান্ত অনুসৰি বর্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈছে৷ সেয়ে বিষয়টোক লৈ চৰকাৰে ছয় জনগোষ্ঠীৰ লগতে বর্তমানৰ জনজাতিসকলৰ সংগঠন ট্রাইবেল সংঘ, সমন্বয়ৰক্ষী সমিতিৰ লগত আলোচনা কৰিব লগা হৈছে৷ কাৰণ বর্তমান জনজাতিৰ বাবে যি সংৰক্ষণ আছে, সেই সংৰক্ষণৰ অধীনত ছয় জনগোষ্ঠী অন্তর্ভুক্ত হ’লে স্বাভাৱিকতে বর্তমানৰ জনজাতিসকল ক্ষতিগ্রস্ত হ’ব৷ কিন্তু   বিধানসভাৰ সিদ্ধান্ত অনুসৰি বর্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কথা কোৱা হৈছে৷ মৰাণ–মটক জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো বর্তমানৰ জনজাতিসকলে মানি লৈছে৷ চুতীয়াসকলৰ ক্ষেত্রত কিছু মানি লৈছে৷ কোচ ৰাজবংশী সম্প্রদায়ৰ ক্ষেত্রত অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাত সন্মতি দিছে যদিও বাকীসকলক জনজাতিৰ মর্যাদা দিয়াটো বিচৰা নাই৷ তাই–আহোমৰ ক্ষেত্রত জনগোষ্ঠীটোৰ নেতৃত্বৰ সৈতে বর্তমানৰ জনজাতি নেতৃত্বই আলোচনা কৰিব লগা আছে বুলি কৈছে৷ সেয়ে চৰকাৰে অহা ফেব্রুৱাৰী মাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ নেতৃত্ব আৰু বর্তমানৰ জনজাতিসকলৰ নেতৃত্বৰ মাজত মুখামুখি বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে৷

ইপিনে, আলফা (স্বাধীন)ৰে আলোচনাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিষয়টোক লৈ বর্তমান অনানুষ্ঠানিক কথা–বতৰা চলি আছে৷ অৱশ্যে দুয়োটা পক্ষৰে কিছু সমস্যাও আছে৷ কথা–বতৰাৰ মাজেৰে সমস্যাটো সমাধানৰ চেষ্টা কৰি থকা হৈছে৷ যোৱা ৮ মাহত আলফা (স্বাধীন)–এ দুবাৰকৈ একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছে৷ যোৱা ১৫ আগষ্টতো আলফা (স্বাধীন)–এ অসম বন্ধৰ আহ্বান জনোৱা নাই৷ অহা ২৬ জানুৱাৰীতো আলফা (স্বাধীন)ক অসম বন্ধৰ আহ্বান নিদিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰেও এই সময়ছোৱাত তেওঁলোকৰ বিৰুদ্ধে কোনো ডাঙৰ অভিযান চলোৱা নাই৷ দুয়োটা পক্ষৰ মাজত এটা ইতিবাচক মানসিকতাৰ সৃষ্টি হৈছে৷ এই সমস্যা যিহেতু বহু দীঘলীয়া, সেয়ে আলোচনাৰ বিষয়টোৰ ক্ষেত্রতো লাহে লাহে অগ্রসৰ হ’ব লাগিব৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই আলফা স্বাধীনৰে আলোচনা অনুষ্ঠিত কৰাৰ পূর্বে আলোচনাপন্থী আলফাৰ লগত আলোচনা সম্পূর্ণ কৰাৰ পোষকতা কৰি কয় যে এই বিষয়ে তেওঁ অনানুষ্ঠানিকভাৱে কেন্দ্রীয় চৰকাৰকো অৱগত কৰিছে৷ ইফালে, সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইনৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই আইনখন সেনাবাহিনীৰ সৈতে সংযুক্ত৷ ইতিমধ্যে অসমৰ পৰা সেনা প্রত্যাহাৰ কৰা হৈছে৷ অসমত যোৱা ২৮ আগষ্টত উক্ত আইনখন ছমাহৰ বাবে পুনৰ বলৱৎ কৰা হৈছে৷ অহা ২৮ ফেব্রুৱাৰীত সেই বিষয়ে পুনৰ পর্যালোচনা কৰা হ’ব৷ এই সম্পর্কত তেওঁ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে কথা–বতৰা হোৱাৰ কথা উল্লেখ কৰি কয় যে আইনখন অসমৰ পৰা সম্পূর্ণভাৱে প্রত্যাহাৰ নহ’লেও জনসাধাৰণে অহা মার্চ মাহত এই বিষয়ত এটা ভাল খবৰ লাভ কৰিব৷

You might also like