নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইমার্জেঞ্চী চিকিৎসাৰ সময়ত বিচাৰিব নোৱাৰিব ক’ভিড পৰীক্ষাৰ ৰিপ’ট

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ ৰাজ্যৰ চিকিৎসালয়সমূহত ইমার্জেঞ্চী চিকিৎসা প্রদানৰ ক্ষেত্রত ৰোগীৰ ক’ভিড ৰিপ’ট লাভ নকৰিলেও চিকিৎসা প্রদান কৰিব লাগিব কর্তব্যৰত চিকিৎসক–নার্ছে৷ এই নতুন নির্দেশনা দিছে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে৷ সকলো জিলা উপায়ুত্ত মেডিকেল কলেজৰ অধ্যক্ষ আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকলৈ স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেলে প্রদান কৰা নির্দেশনা অনুসৰি, যিকোনো বেমাৰৰ ইমার্জেঞ্চী চিকিৎসাৰ বাবে অহা সাধাৰণ ৰোগীৰ ক্ষেত্রত তাৎক্ষণিকভাৱে চিকিৎসা বিষয়া আৰু পেৰা–মেডিকেল কর্মচাৰীসকলে সেৱা আগবঢ়াব লাগিব৷

এইক্ষেত্রত ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট তেওঁলোকে বিচাৰিব নোৱাৰিব৷ তদুপৰি এই ৰোগীসকলৰ ক্ষেত্রত ক’ভিড পৰীক্ষাৰ ফলাফল অহালৈকেও চিকিৎসকসকলে চিকিৎসা প্রদান নকৰাকৈ অপেক্ষা কৰিব নোৱাৰিব৷ এনেধৰণৰ ৰোগীসকলৰ ক্ষেত্রত চিকিৎসক–নার্ছসক পি পি ই কিট, এন–৯৫ মাস্ক আৰু গ্ল’ভছ পিন্ধি চিকিৎসা প্রদান কৰিব লাগিব৷ ইয়াৰ বাবে যুটীয়া সঞ্চালকসকলক সকলো চৰকাৰী আৰু ব্যক্তিগত হাস্পতালসমূহক এই প্রট’কল মানি চলিবলৈ নির্দেশ দিবলৈ এই পত্রৰ জৰিয়তে আহ্বান জনাইছে স্বাস্থ্য বিভাগে৷ উল্লেখ্য যে ইমার্জেঞ্চী ৰোগীৰ ক্ষেত্রত ক’ভিডৰ ৰিপ’ট নোহোৱাৰ বাবে কোনো লোকৰ যাতে প্রাণহানি নহয়, সেয়া নিশ্চিত কৰাৰ বাবে স্বাস্থ্য বিভাগে এই নির্দেশনা জাৰি কৰিছে৷

You might also like