ধুবুৰীৰ আমিনেৰ চৰত বৰলুইতত ফেৰী দুৰ্ঘটনা
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ আজি কথমপি প্ৰাণ ৰক্ষা পৰে ব্যক্তিগত লেছীৰ লঞ্চ এখনেৰে বৰলুইতেৰে ধুবুৰীৰ পৰা হাটশিঙিমাৰীলৈ গৈ থকা বহু যাত্ৰীৰ। ঘটনাৰ বিবৰণী অনুসৰি, ধুবুৰীৰ পৰা বৰলুইতেৰে হাটশিঙিমাৰীলৈ গৈ থকা অৱস্থাত আমিনেৰ চৰ নামৰ এটি অঞ্চলৰ সমীপত থকা ধুবুৰী-ফুলবাৰী দলঙৰ এটি নিৰ্মীয়মান এটা খুঁটাত খুন্দা মাৰে ‘মোস্তাফাৰ ফেৰী” নামে নৌযাত্ৰীৰ মাজত পৰিচিত সেই যাত্ৰীবাহী লঞ্চখন। সৌভাগ্যক্ৰমে নিৰ্মীয়মান সেই দলংখনৰ ৮৬ নম্বৰৰ পিলাৰটোত খুন্দা মাৰাৰ পিছত কাষতে থকা এটা চৰাঞ্চলৰ কাষ চাপি যায় দূৰ্ঘটনাগ্ৰস্থ সেই লঞ্চখন আৰু ফলত বৃহৎ এক দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰে সেইখনৰ যাত্ৰীসকল। ইয়াতে, উল্লেখ্য যে, ২০১২ চনৰ ৩০ এপ্ৰিলৰ দিনা সংঘটিত হোৱা ৰাজ্য কঁপোৱা মেদেৰটাৰীৰ নাওঁ দূৰ্ঘটনাৰ পিছত লেছি চালিত দূৰ্ভগীয়া সেই লঞ্চখনত যাত্ৰীৰ উপৰি বহন ক্ষমতাতকৈ অত্যাধিক সামগ্ৰী বহন কৰি নিয়াৰ বিষয়টো পোহৰলৈ আহিছিল আৰু তেতিয়াৰ পৰাই যাত্ৰীবাহী লঞ্চত সামগ্ৰী বহন কৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰী কৰিছিল আভ্যন্তৰীণ জল পৰিবহন বিভাগে। কিন্তু বাস্তবত সেই নিষেধাজ্ঞা এক প্ৰহসনত পৰিণত কৰি বৰ্তমানেও ধুবুৰীৰ বৰলুইতত চলাচল কৰা অধিকাংশ যাত্ৰীবাহী লঞ্চৰে অনা-নিয়া কৰা হৈ আছে খাদ্যদ্ৰব্যৰ বস্তাকে ধৰি বিভিন্ন ধৰণৰ বয়বস্তু আনকি সকলো জানিও সংশ্লিষ্ট চৰকাৰী বিভাগটোকে ধৰি ধুবুৰী জিলা প্ৰশাসন চকুমুদা কুলিৰ ভাও ধৰাৰো আছে দীৰ্ঘদিনীয়া অভিযোগো।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী