নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিএডিৰ বাহিৰৰ বড়ো লোকৰ উন্নয়নৰ স্বাৰ্থত বিজেপিক সমর্থন ইউবিপিঅ’ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ এপ্ৰিলঃ ভাৰত স্বৰাজোত্তৰ কালৰে পৰাই বড়োসকলে ৰাজনৈতিক, আর্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক, ভূমিৰ অধিকাৰ প্ৰাপ্তিৰ বাবে দীঘলীয়া আন্দোলনৰ সূচনা কৰি আহিছে। দীঘলীয়া বড়োলেণ্ড আন্দোলনৰ ফলশ্ৰুতিত তিনিখনকৈ বড়ো শান্তি চুক্তি ইতিমধ্যে সম্পাদিত হৈছে। ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰিত হৈছিল যদিও নামনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে চাৰিখন জিলাক সামৰি বিটিএডি গঠন হোৱাৰ ফলত অসমৰ অধিকাংশ জিলাত বসবাস কৰা দহ লক্ষাধিক বড়ো জনগণ উন্নয়নৰ বাবে বিটিএডিৰ আওতাৰ বাহিৰত থাকি গৈছিল। দীঘলীয়া আন্দোলনৰ ফলশ্ৰুতিত পৰৱৰ্তী সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে এনডিএফবিৰ চাৰিটা গোট, এবছু আৰু ইউবিপিঅৰ মাজত তৃতীয় বড়ো শান্তি চুক্তি ২০২০ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত সম্পাদিত হয়। উক্ত চুক্তিৰ দফা সমূহ তৎকালীনভাৱে ৰূপায়ণৰ লগতে বি টি আৰৰ বাহিৰৰ বড়ো অধ্যুষিত অঞ্চলৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে ক্ষীপ্ৰতৰ কৰি ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক আদি ক্ষেত্ৰৰ উন্নয়নৰ পদক্ষেপ হাতত ল’বলৈ ইউবিপিঅৰ নেতৃত্বই অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, জনজাতি পৰিক্ৰমা (ভৈয়াম) মন্ত্রী ডাঃ ৰনোজ পেণ্ডৰ সৈতে বহুলানি আলোচনা কৰা হৈছে। বিশেষকৈ তৃতীয় বড়ো শান্তি চুক্তি (বিটিআৰ) ৰ সকলো দফা তৎকালীনভাৱে কাৰ্যকৰী কৰা, চুক্তিৰ ৫.১ দফাৰ অধীনত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ (বিকেডব্লিউএচি) গঠন কৰা হয় যদিও ইয়াৰ গাঁও চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। শীঘ্রে বিকেডব্লিউএচিৰ নিৰ্বাচন অনুষ্ঠিত কৰি ইয়াক এখন শক্তিশালী আৰু পূর্ণাঙ্গ স্বায়ত্ব শাসিত পৰিষদ হিচাপে প্ৰতিষ্ঠা কৰা। বিটিআৰৰ বাহিৰৰ ধুবুৰীৰ পৰা শদিয়ালৈ আৰু বৰাক উপত্যকাৰ ব্ৰু, ৰিয়াং সকলক সাঙুৰি গঠন হোৱা বিকেডব্লিউএচিলৈ চৰকাৰে আগবঢ়োৱা সীমিত পুঁজিৰে ৰাইজৰ উন্নয়ন সাধন কৰা সম্ভৱ নহয়, সেয়ে পিছপৰা জনগণৰ উন্নয়নৰ বাবে বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ পুঁজি বৃদ্ধি কৰা। বড়ো মাধ্যমৰ ভাষা-শিক্ষাৰ উন্নয়নৰ বাবে বিশেষভাবে মনোনিবেশ কৰা। বি টি আৰৰ বাহিৰত বড়ো মাধ্যমৰ বাবে সুকীয়াকৈ টেট্ অনুষ্ঠিত কৰা। বড়ো মাধ্যমৰ বেচৰকাৰী বিদ্যালয়সমূহ বিশেষ ৰেহাই দি চৰকাৰীকৰণ কৰাৰ ব্যৱস্থা গ্রহণ কৰা। শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাৰ বড়ো গাঁওসমূহ বি টি আৰ আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ বাহিৰত ৰৈ যোৱা বাবে উক্ত অঞ্চলসমূহত দুয়োখন স্বাযত্ব শাসিত পৰিষদে উন্নয়নৰ কাম কৰিব পৰা নাই। গতিকে উক্ত জিলা দুখনৰ বড়ো গাঁওসমূহত বি টি আৰ চুক্তিৰ ৫.২ মতে বিশেষভাৱে উন্নয়নৰ আঁচনি প্রস্তুত কৰি ৰূপায়ণৰ পদক্ষেপ লোৱা বিষয়বোৰ আলোচনাত উত্থাপন কৰা হয়। অসমৰ মুখ্যমন্ত্ৰীয়ে সমস্যা সমূহৰ সমাধানৰ ইতিবাচক সঁহাৰি জনায় কাৰ্যকৰী পদক্ষেপৰ আশ্বাস প্রদান কৰিছে। বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ উন্নয়নৰ স্বাৰ্থত আৰু অসমৰ বিকাশৰ বাবে লোৱা পদক্ষেপৰ বাবে সমাগত লোকসভা নির্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক নৈতিক সমর্থন আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হয়।

You might also like