নিয়মীয়া বাৰ্তা, ১৯ জুন : ফেনে-ফোটোকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰ জলস্তৰ৷ ব্ৰহ্মপুত্ৰৰ কালৰূপত স্তম্ভিত মাজুলীৰ নদীপৰীয়া ৰাইজ৷ নেৰানেপেৰা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰত পানী বঢ়াৰ সমান্তৰালভাৱে বাঢ়িছে কোঁৱলীৰ প্ৰকুপ যাৰ বাবে মাজুলী-নিমাতিৰ যাতায়ত ব্যৱস্থাত ফেৰিচালক সকলে সমস্যাৰ সন্মুখিন হব লগা হৈছে ৷ কুঁৱলীৰ বাবে গুটিয়া নাৱৰ চলাচল বন্ধ কৰি চাৰকাৰী ৰপেস্ককে ধৰি ডাঙৰ ফেৰি কেইখন আজিলৈকে চলাই আছে যদিওঁ পুৱা ৮ বজাত যাব লগা ফেৰি ১০ /১১ বজাত চলাব লগা হৈ আহিছে আনহাতে আজি নিমাতী ঘাটৰ পৰা ১-৩০ বজাত কমলাবাৰী অভিমুখী যাত্ৰী কঢ়িয়াই অনা ফেৰী এম ভি লোহিত নিমাতী ঘাটৰ পৰা কিছু সময় অহাৰ পাছতেই ব্ৰহ্মপুত্ৰৰ বুকুত দিশহাৰা হৈ আবদ্ধ হৈ পৰে। ব্ৰহ্মপুত্ৰৰ বুকুত ঘন কুঁৱলীৰ বাবেই ফেৰী খনৰ গুৰিয়ালে সঠিক দিশ উলিওৱাত বিফল হয়।যাৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুতেই আবদ্ধ হৈ পৰে যাত্ৰী সকল।ফেৰী খন উদ্ধাৰৰ বাবে মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা এচ ডি আৰ এফৰ বাহিনী ৰাওনা হয় যদিও এচ ডি আৰ এফৰ দলেও ঘন কুঁৱলীৰ বাবে ফেৰী খনৰ সঠিক দিশ উলিওৱাত যথেষ্ঠ সমস্যাৰ সন্মুখিন হয়।আৱদ্ধ হৈ পৰা ফেৰী খনত প্ৰায় ডেৰ শতাধিক যাত্ৰীৰ লগতে প্ৰায় ৩০ খন মটৰ চাইকেল আছিল। প্ৰায় দুঘন্টা সময় ধৰি ফেৰী খন আবদ্ধ হৈ পৰাত যাত্ৰী সকলৰ মাজত হুৱাদুৱা পৰিবেশ সূচনা হয়। কমলাবাৰী ঘাটত ফেৰী খন চাপিব লাগিছিল যদিও বহু দূৰ আগুৱাই গৈ ভকত চাপৰি সমীপত ফেৰী খন এচ ডি আৰ এফে উদ্ধাৰ কৰে।কোনো বিপদ সংঘটিত নোহোৱাকৈ ৫-৩০ মান বজাত কমলাবাৰী ঘাটত ফেৰীখন লগাবলৈ সক্ষম হয়। ধাৰাষাৰ বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি হোৱাত ঘন কুঁৱলী পৰাত ফেৰী চলাচলৰ এনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে৷ ইফালে কাইলৈ যদি কোঁৱলী নকমে তেতিয়া ফেৰি বন্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড