নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপ সাৰ কাৰখানা বন্ধ কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে ডিব্ৰুগড়ত আছুৰ মুণ্ডনেৰে প্ৰতিবাদ

বিশেষ বাৰ্তা, ৯ নৱেম্বৰঃ ডিব্ৰুগড়ত আজি আছুৰ সাতজনকৈ কৰ্মকৰ্তাই সামূহিকভাৱে মুণ্ডন কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখতে মুণ্ডন কৰি এনে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে।উত্তৰ পূৰ্ব ভাৰতৰ প্ৰথম তথা একমাত্ৰ প্ৰাকৃতিক গেছ ভিত্তিক নামৰূপ সাৰ কাৰখানাটো (বিভিএফচিএল) বন্ধ কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ জনাই উপাযুক্ত কাৰ্যালয়ৰ সন্মুখতে আছুৰ সাতজনকৈ  বিষয়ববীয়াই মুণ্ডন কাৰ্যসূচী কৰে।প্ৰতিবাদী স্থানৰ পৰাই ছাত্ৰ সন্থাই গৰ্জন কৰি কয় যে কোনো কাৰণতেই কেন্দ্ৰীয় চৰকাৰৰ এনে হঠকাৰী সিধান্তক কেতিয়াও মানি লোৱা নহব। প্ৰয়োজন হ’লে দিল্লী দিছপুৰ কঁপাই তোলাৰো হুংকাৰ দিয়ে ছাত্ৰ সন্থাই।কেৱল সিমানেই নহয়,প্ৰয়োজন হ’লে গুলী খাবলৈকো সাজু আছে ছাত্ৰ সন্থা।কিন্তু কোনো কাৰণতে বা চৰ্ততে বন্ধ হবলৈ দিয়া নহব নামৰূপৰ সাৰ কাৰখানা।উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি সাৰ উৎপাদন কৰা  উদ্যোগটো বন্ধ হোৱাৰ উপক্ৰম হোৱাত স্বাভাৱিকতে কৃষিজীৱী লোক সকললৈও অশনি সংকেত নামি আহিছে। চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে নিৰ্বনিয়োজন নীতিৰ আধাৰত সাৰ উদ্যোগটোক লৈ ভিন্ন হিচাপ বিচাৰি পুনৰ প্রেৰণ কৰিছে এক নিৰ্দেশনা।যাৰ আঁৰত লুকাই আছে উত্তৰ পূৰ্বৰ একমাত্ৰ সাৰ কাৰখানাটো বন্ধ কৰাৰ এক গভীৰ ৰহস্য।কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্য্যক সহজ ভাৱে মানি লোৱা নাই ছাত্ৰ সন্থাইয়ো।সেয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰি আজি ডিব্ৰুগড় চৌকীডিঙীত ছাত্ৰ সন্থাই মুণ্ডন কাৰ্য্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে।এক সূত্ৰৰ মতে, চলিত বিত্তীয় বৰ্ষতে কেন্দ্ৰীয় চৰকাৰে বিক্ৰী অথবা বন্ধ কৰিবৰ বাবে উঠি পৰি লাগিছে উত্তৰ পূৰ্বাঞ্চলৰ কৃষি জীৱিৰ এক মাত্ৰ ভৰষা এই সাৰকাৰখানাটো।উল্লেখযোগ্য যে,প্ৰথম আৰু দ্বিতীয় গোটটো বন্ধ হৈ যোৱাত আওপুৰনি তৃতীয় গোটটোৱে সাৰ উৎপাদন কৰি কৃষকৰ চাহিদা পূৰণ কৰি আহিছে আৰু তেনে স্থলত সাৰকাৰখানাৰ ভৱিষ্যতলৈ চাই চতুৰ্থ গোটটো স্থাপন কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী উৎথাপন হৈ আহিছিল।২০০৬ চনতে তেতিয়াৰ সাৰমন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপত উপস্থিত হৈ সাৰকাৰখানাৰ চতুৰ্থ গোট  নিৰ্মাণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিতেই আবদ্ধ হৈ থাকিল। মোদী চৰকাৰে প্ৰথম বাৰ দায়িত্ব ভাৰ গ্ৰহণ কৰিয়েই ১০০ দিনীয়া কৰ্মসূচীত নামৰূপ সাৰকাৰখানাৰ বিষয়টো অন্তৰ্ভুক্ত কৰা কথা ঘোষণা কৰিছিল যদিও সেইয়া অষাৰ প্ৰতিপন্ন হোৱা লগতে অৱশেষত বিক্ৰী কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও আছুৱে অভিযোগ কৰে। সাৰকাৰখানাটো জীয়াই ৰাখিবলৈ প্ৰায় দুটা দৰ্শক ধৰি সংগ্ৰাম কৰি থকাৰ সময়তেই দ্বিতীয় আৰু তৃতীয় গোট দুটাও বিক্ৰী কৰাৰ কুচকাৱাজহে চলা কাৰ্যত ইতিমধ্যে চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে সাৰকাৰখানাৰ কৰ্মচাৰী গোটে সময়ে সময়ে আন্দোলন কৰি আহিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like