নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ পথাৰত বিঘাই বিঘাই শুকাইছে মাটিমাহৰ খেতি

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ৰাজ্যৰ কৃষক তথা কৃষিৰ উন্নতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা কোনো আঁচনিয়ে ঢুকি নোপোৱাত এটাৰ পাছত এটা সমস্যাই জুৰুলা কৰিছে কৃষিসৰ্বস্ব ঢকুৱাখনা মহকুমাৰ খেতিয়কক। অচিন পোক আৰু বেমাৰৰ প্ৰাদুৰ্ভাৱ হৈছে ঢকুৱাখনাৰ  বিশাল শস্যভূমিত৷ মূৰৰ ঘাম মাটিত পেলাই বিঘাই বিঘাই কৰা মাটি মাহৰ খেতিত পোকে খাই তহিলং কৰাৰ লগতে মাটি মাহৰ খেতিত অচিন ৰোগে দেখা দিছে।মহকুমাটোৰ সোৱণশিৰী পঞ্চায়তৰ আলিমূৰ বালিগাঁও,আলিমূৰ চাপৰি,বেবেজীয়া মাজগাওঁ ডিমৰুগুৰি পঞ্চায়তৰ আলিমূৰ দাংধৰা, নাৰায়নপুৰ চাপৰি, খামন আদিকে কৰি কেবাখনো গাঁৱৰ কৃষসকলে শ শ বিঘা কৃষিভূমিত  কৰা মাটি মাহসমূহ ফুল ফুলাৰ সময়তে অচিন ৰোগত আক্ৰান্ত হৈ এফালৰ পৰা পথাৰতে শুকাই যোৱা দেখা গৈছে।ফলত ফচল চপোৱাৰ পৰিৱৰ্তে উপায়হীন কৃষকে খেতিপথাৰ ত এৰি দিছে গৰু।মাটিমাহৰ খেতি কৰি উপাৰ্জনৰ সপোন দেখা এইসকল কৃষকৰ পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। অদুপৰি প্ৰচণ্ড খৰাঙৰ বাবেও এফালৰ পৰা খেতিপথাৰতে শুকাই গৈছে মূৰৰ ঘাম মাটিত পেলায় কষ্টৰে কৰা মাটিমাহ।মাটিমাহৰ খেতিৰে সেইজীয়া সপোন দেখা দৰিদ্ৰ কৃষক ৰাইজে এতিয়া হাজাৰ হাজাৰ টকা লোকচানৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰিছে।কিন্ত এনে দুৰ্দশাৰ সময়তো বিয়াগোম কৃষি বিভাগে কোনো ধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া কৃষকসকলৰ মাজত ক্ষোভৰ উদগীৰণ হোৱা দেখা গৈছে।আনহাতে ঢকুৱাখনা মহকুমা  কৃষি  বিভাগৰ লগত বাৰে বাৰে যোগাযোগ কৰিও বিভাগটোৰ কোনো সহাৰি পোৱা নাই বুলি খেতিয়কসকলে অভিযোগ কৰিছে।বিভাগটোৱে আজি পর্যন্ত কোনো এটা ঔষধ যোগান ধাৰাটো বাদেই কোনো এজন বিষয়া-কৰ্মচাৰী এইসমূহ দুৰ্ভগীয়া কৃষকৰ কৃষি পথাৰত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষকসকলে।ৰাজ্যৰ কৃষি খণ্ডৰ উন্নয়নৰ হকে চৰকাৰে বিভিন্ন আঁচনি হাতত লোৱাৰ সময়তেই এতিয়া ঢকুৱাখনাৰ এইসকল খেতিয়কে ভোগ কৰিছে এনে দুৰ্দশা। এতিয়া কোনে ল’ব এইসকল দুৰ্ভগীয়া কৃষকৰ খবৰ?কোনে তেওঁলোকক দিব পৰিত্ৰাণ। সময়তহে পোৱা যাব এই প্ৰশ্নৰ উত্তৰ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like