নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ডিচেম্বৰৰ পৰা নাটমণ্ডল পাঠশালাৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ অসমৰ নাট্যনগৰী হিচাপে পৰিচিত পাঠশালাস্থিত অপেছাদাৰী নাট্য আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা, নাট্যকলাৰ এক নান্দনিক সংস্থা “নাটমণ্ডল, পাঠশালা” ই ইতিমধ্যে সম্পুৰ্ণ কৰিছে গৌৰৱোজ্বল ২৫ টা বৰ্ষ৷ বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই গৌৰৱময় ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা ২৪ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ ৫ দিনীয়া কাৰ্যসূচীৰে নাটমণ্ডল, পাঠশালাৰ ব্ৰজনাথ শৰ্মা নাটঘৰত অনুষ্ঠিত হব৷ সামৰণী অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক মুখ্য পৃষ্ঠপোষক; অসম বিধানসভাৰ প্ৰধান সম্পাদক হেমেন দাস, বজালী জিলা উপায়ুক্ত কাবেৰী বি শৰ্মা, বাজলী জিলা আৰক্ষী বিষয়া আৰু পাঠশালা পৌৰসভাৰ অধ্যক্ষ জলি চৌধুৰীক পৃষ্ঠপোষক; দুলাল ৰয়ক মুখ্য উপদেষ্টা; কৃষ্ণ ৰয়, প্ৰমোদ ৰয়, গিৰিধৰ চৌধুৰী, নৰেণ পাটগিন, নগেন চৌধুৰী, তপন লহকৰ, গিৰিধৰ ৰয়, নৱ দাস, ৰামকৃষ্ণ তালুকদাৰ, বিজন বায়ন, মৃদুল তালুকদাৰ আৰু সমুদ্ৰ পাটগিৰিক উপদেষ্টা; শ্ৰীপদ চৌধুৰীক সভাপতি; ড° ধীৰেন মহন্তক কাৰ্যবাহী সভাপতি; জ্যোতিষ চৌধুৰী, অশ্বিনী তালুকদাৰ আৰু গোলক শৰ্মাক উপ-সভাপতি; নিতুল কুমাৰ মেধিক মুখ্য সম্পাদক, শৈলেন কাকতি, অপূৰ্ব দেৱ চৌধুৰী আৰু ধ্ৰুৱজ্যোতি তালুকদাৰক সম্পাদক; বিজিত ডেকা, ধ্ৰুৱজ্যোতি তালুকদাৰ, সৌৰভ বৰুৱা আৰু ভৃগু দাসক সহকাৰী সম্পাদক; ৰাজেন ৰয়ক বিত্ত সচিব; কল্যাণ কলিতাক প্ৰচাৰ বিভাগৰ সভাপতি আৰু অখিল কাকতিক সম্পাদক; অনিল তালুকদাৰ আৰু সবিতা দেৱীক কাৰ্যালয় সম্পাদক, পৰাগ বৰ্মন, কিশোৰ তহবিলদাৰ আৰু অজন্ত চৌধুৰীক সমন্বয়ক চপল ৰয়, লতিকা মেধি, ভাস্কৰ চৌধুৰী আৰু কৰবী দেবীক অভ্যৰ্থনা তথা শ্যামন্ত তালুকদাৰ, ৰূপম কলিতা, গণেশ আগৰৱালা, অঞ্জন দাস, অঞ্জন ৰায়, অখ্যেন্দ্ৰ দাস, জয়ন্ত দাসক সামগ্ৰীক পৰিচালনাৰ লগতে মুখপত্ৰ ও স্মৰণিকা “নাট্যগল্প”ৰ সভাপতি হিচাপে প্ৰদীপ শৰ্মা, দেবেন ৰয়ক মুখ্য সম্পাদক আৰু মৃদুল কুমাৰ কলিতাক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে৷ সামৰণি অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীৰ লগতে সদৌ অসম ভিত্তিত অনুষ্ঠিত হব শিশু-চেমনীয়াৰ একাংক নাট প্ৰতিযোগিতা৷ প্ৰতিযেগিতাত শ্রেষ্ঠ দল তিনিটালৈ ক্ৰমে ১৫,০০০, ১০,০০০ আৰু ৭,০০০ টকাকৈ নগদ ধন প্ৰদান কৰা হব৷ অনুষ্ঠানত বিহাৰৰ লগতে অসমৰ কেটাও আগশাৰীৰ অপেচাদাৰী নাট্যদলৰ অংশগ্রহণেৰে অনুষ্ঠিত হব ৰাষ্ট্ৰীয় নাট সমাৰোহ৷ আনহাতে মুনীন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী পূর্ণ দৈৰ্ঘৰ নাট পাণ্ডুলিপি প্রতিযোগিতাত শ্রেষ্ঠ নাট্যকাৰলৈ ১০,০০০ টকাৰ নগদ ধন প্ৰদান কৰাৰ লগতে বিশিষ্ট নাট্যশিল্পী দীনেন্দ্ৰ নাৰায়ণ গোস্বামীক প্ৰদান কৰা হব নাটমণ্ডল বঁটা৷ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত নাটক সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্র অনুষ্ঠিত হোৱাৰ লগতে নাটমণ্ডলৰ স্ব-নিয়োজন আঁচনিৰ অধীনত দুখনকৈ গ্ৰন্থও প্রকাশ কৰা হব৷ আনহাতে সামৰণি অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হিচাপে নিতুল কুমাৰ মেধিৰ ৰচনা আৰু পৰিচালনাৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্রযোজক কৃষ্ণ ৰয়ৰ লগতে বজালীৰ ন-পুৰণি শিল্পীৰ অভিনয়েৰে এখন পূৰ্ণ দৈৰ্ঘৰ নাট প্ৰদৰ্শন কৰা হব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like