নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষভাৱে সক্ষম অভিষেক গগৈৰ মিউজিক ভিডিঅ’ মুকলি ৰিণিকি ভূঞা শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ বিশেষভাৱে সক্ষম খেলুৱৈ অভিষেক গগৈৰ আজি দুটা মিউজিক ভিডিঅ’ মুকলি কৰা হয়। ‘চকুত চকু থৈ’ আৰু ‘কি খোৱাম’ নামৰ ভিডিঅ’ দুটা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাৰ লগতে অভিনেতা যতীন বৰা আৰু কণ্ঠশিল্পী সন্ধ্যা মেনন।

ভিডিঅ’ মুকলি কৰি ৰিণিকি ভূঞা শৰ্মাই কয়- ‘এয়া নতুন প্ৰজন্ম, ডেকা প্ৰতিভা, আজিকালি এনে প্ৰতিভা পোহৰলৈ ওলাই আহিছে,তেওঁলোকৰ জ্ঞান,সৃষ্টিশীলতা বহুখিনি সুন্দৰ হয়।’

বিশেষভাৱে সক্ষম অভিষেকে ক্ৰীড়া ক্ষেত্ৰৰ লগতে কলা জগততো নিজ প্ৰতিভাৰ উমান দিছে। উল্লেখ্য, আবুধাবিত অনুষ্ঠিত বিশেষভাৱে সক্ষম অভিষেকে অলিম্পিকত ৰূপৰ পদক লাভ কৰে। বিশেষভাৱে সক্ষমতাৰ নিদৰ্শন দেখুওৱা অভিষেক গগৈৰ প্ৰতিভাৰ সকলোৱে শলাগ লোৱাৰ লগতে উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।

You might also like