নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিত্ত বিভাগক প্রশংসা, মুখ্যমন্ত্রীৰ সুশাসন–উৎকৃষ্ট বিত্তীয় ব্যৱস্থাপনা

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ বৃহস্পতিবাৰে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আছাম ছ’চাইটী ফৰ কম্প্রিহেনছিভ ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম পৰিচালনা সমিতিৰ এক বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপৰি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, অতিৰিক্ত মুখ্য সচিবসকল তথা ৰাজ্য চৰকাৰৰ গুৰুত্বপূর্ণ বিভাগসমূহৰ প্রধান সচিবকে ধৰি আয়ুক্ত সচিবসকলে অংশগ্রহণ কৰে৷ বৈঠকত আছাম ছ’চাইটী ফৰ কম্প্রিহেনছিভ ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমৰ দ্বাৰা বর্তমানলৈকে ৰূপায়িত কাম–কাজসমূহৰ বিষয়ে আলোচনা কৰাৰ উপৰি ভৱিষ্যতে ছ’চাইটীৰ দ্বাৰা ল’বলগীয়া পদক্ষেপসমূহৰো পর্যালোচনা কৰা হয়৷ বৈঠকত আছাম ছ’চাইটী ফৰ কম্প্রিহেনছিভ ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমৰ সংশোধিত উপ–বিধি, আছাম ছ’চাইটী ফৰ কম্প্রিহেনছিভ ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমৰ অডিটকৃত বার্ষিক হিচাপ–নিকাচ, পূর্বৰ কার্যকৰী সমিতিৰ বৈঠকৰ সিদ্ধান্তসমূহৰ ৰূপায়ণৰ অগ্রগতি, এ এছ পি আই আৰ–ইৰ পুনৰ গঠনৰ দিশসমূহো আলোচনা কৰা হয়৷ এ এছ পি আই আৰ–ইৰ ৰাজহুৱা বিত্ত প্রতিষ্ঠানিক সক্ষমতা শক্তিশালীকৰণ, ব্যয় আৰু ৰাজহ তথ্য ব্যৱস্থাৰ শক্তিশালীকৰণ, নগদ আৰু ঋণ পৰিচালনা গোট, ৰাজহুৱা ক্রয় আদি বিষয়সমূহেও বৈঠকত স্থান লাভ কৰে৷ বৈঠকত লগতে এই ছ’চাইটীৰ উদ্যোগত ল’বলগীয়া ভৱিষ্যতৰ পদক্ষেপসমূহৰ বিষয়েও বিস্তৃতভাৱে আলোচনা কৰা হয়৷ বৈঠকৰ আৰম্ভণিতে এই ছ’চাইটীৰ দ্বাৰা ৰূপায়িত বিভিন্ন বিভাগৰ অনলাইন ব্যৱস্থাৱলী তথা অন্যান্য বিভিন্ন দিশ সামৰি এক প্রেজেণ্টেচনো আগবঢ়োৱা হয়৷ বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্যৰ বিত্ত বিভাগে ৰাজহ ব্যৱস্থাপনাকে ধৰি বিভিন্ন ব্যয় আদিৰ স্বচ্ছতা প্রদানৰবাবে এক নির্ভৰযোগ্য আৰু স্বচ্ছ ব্যৱস্থা গঢ়ি তুলিছে৷ এই পদক্ষেপে সু–প্রশাসন আৰু বিত্তীয় ব্যৱস্থাপনাৰ উৎকৃষ্ট ব্যৱস্থাৱলী ৰাজ্যখনত উপলব্ধ কৰোৱাৰ দিশত বাৰুকৈয়ে সহায় কৰিছে৷ মুখ্যমন্ত্রী সোণোৱালে ইয়াৰ বাবে বিত্ত বিভাগক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি যিকেইটা বিভাগে এই অনলাইনৰ ব্যৱস্থাৱলী ৰূপায়ণৰ বাবে পদক্ষেপ লৈ আছে, সেইখিনি অতি সোনকালে সম্পূর্ণ কৰাৰ পদক্ষেপ ল’বলৈও সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী সোণোৱালে লগতে ড্রেন্সপাৰেঞ্চী ইণ্টাৰনেচনেলৰ দ্বাৰা বেষ্ট প্রেকটাইচ ইন বাজেট ফর্ম’লেচন ইন ইণ্ডিয়াৰ দিশত অসমক শীর্ষস্থান প্রদান কৰাৰ বাবে বিত্ত বিভাগক ধন্যবাদ জনায়৷ তেওঁ কয়– এই কৃতকার্যতাৰ ধাৰা আমি অক্ষুণ্ণ ৰাখিব লাগিব৷ তদুপৰি, আছাম ছ’চাইটী ফৰ কম্প্রিহেনছিভ ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমৰ বাবে বিশ্বজুৰি সমাদৃত কোৰিয়াৰ কে পি এফ আই এছ আৰু বিশ্ববেংকৰ পৰা আই এফ এম আই এছ কাৰিকৰী সাহায্য লাভৰ বাবে অসমক ভাৰতৰ ভিতৰত একমাত্র ৰাজ্য হিচাপে বাছনি কৰাৰ দিশটোৰ বাবেও তেওঁ সকলোকে আন্তৰিক অভিনন্দন জনায়৷ বৈঠকত বিত্তমন্ত্রী ড০ শর্মাই এই ব্যৱস্থাৱলীত আগন্তুক দিনত নন–টেক্স ৰেভিনিউ অন্তর্ভুক্ত কৰাৰ পদক্ষেপ লোৱাৰ বিষয়ে চিন্তা–চর্চা কৰিবলৈ বিভাগক আহ্বান জনায়৷ আজিৰ এই বৈঠকত মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালীকে ধৰি বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like