নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰৰৈয়াৰ বায়ুসেনাৰ চিকিৎসালয়ত বিত্তীয় অনিয়ম

বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : যোৰহাটৰ ৰৰৈয়াৰ বায়ু সেনাৰ চিকিৎসালয়ত  সংঘটিত হৈছে এক বৃহত বিত্তীয় কেলংকাৰি। বায়ু সেনাৰ চিকিৎসালয়ত বিভিন্ন সামগ্ৰী যোগানৰ নামত এই বৃহৎ কেলেংকৰি সংঘটিত হোৱা বুলি কোৱা হৈছে। চিকিৎসালয়খনৰ এগৰাকী মহিলা কৰ্মচাৰী আৰু আৰু তেওঁৰ স্বামীয়ে অতি কৌশলৰে প্ৰায় ৭৮ লাখ টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত সমগ্ৰ জিলাখনতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে যোৰহাট আৰক্ষীয়ে দুই অভিযুক্ত দম্পতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ  কৰা দুই দম্পতী হল হাস্পতালখনৰ কৰ্মচাৰী জুপিতৰা কলিতা আৰু তেওঁৰ স্বামী অৰুণ দে। বায়ুসেনা বাহিনীৰ চিকিৎসালয়ৰ কৰ্তৃপক্ষই ঘটনাৰ সন্দৰ্ভত যোৰহাট সদৰ থানত এখন এজহাৰ দাখিল কৰাৰ পিছত কালিয়েই  স্বামী স্ত্ৰীক গ্ৰেপ্তাৰ কৰি দুদিনৰ জিম্মত লৈছে। সম্প্ৰতি দুই দম্পতীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। অভিযোগ অনুসৰি যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা চিকিৎসালয়লৈ  চিমনছ নামৰ কোম্পানী টোৱে দিঘ্ৰ দিন বিভিন্ন সামগ্ৰী যোগান ধৰি আহিছিল।ইয়াৰ বিনিময়ত নিয়মীয়াকৈ প্ৰাপ্যধন কোম্পানীটোৱে লাভ কৰি আহিছিল। কিন্তু শেহতীয়াকৈ কোম্পানীটোৱে প্ৰাপ্য ধন লাভ নকৰাত বিষয়টোৰ সন্দৰ্ভত বায়ুসেনা বাহিনীৰ চিকিৎসালয়ত শীৰ্ষ বিষয়াক অৱগত কৰে। বায়ুসেনাই শীৰ্ষ বিষয়াই অনুসন্ধান কৰি কোম্পানীটোৰ নামত  বৃহৎ ধনৰ হৰলুকি হোৱাৰ তথ্য পোহৰলৈ আনে। জানিব পৰা মতে, জুপিতৰা কলিতা নামৰ বায়ু সেনা চিকিৎসালয়ত কৰ্মৰত মহিলাগৰাকীয়ে অতি কৌশলৰে উক্ত ধন ৰাশি চিকিৎসালয়খনৰে আন এগৰাকী কৰ্মচাৰি জয় প্ৰকাশ গুপ্তাৰ একাউণ্টত জমা কৰে। পৰবৰ্তী সময়ত এই টকা জুপিতৰা কলিতাৰ স্বামী অৰুণ দেৰ একাউণ্টলৈ লৈ যোৱা হৈছিল। এই সমগ্ৰ তথ্য পোহৰলৈ অহাত বায়ু সেনা চিকিৎসালয়াৰ শীৰ্ষ বিষয়াই লাভ কৰাৰ পিছত ধন আত্মসাত কৰাৰ সন্দৰ্ভত যোৰহাট সদৰ থানত এখন এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে জুপিতৰা কলিতা আৰু তেওঁৰ স্বামী অৰুণ দেক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। ইফালে এই কেলেংকাৰিত বায়ু সেনাৰ চিকিৎসালয়ৰ আন কোনো ব্যক্তি জৰিত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ সন্দৰ্ভত বায়ুসেনাৰ অতি শীৰ্ষ দল যোৰহাটলৈ অহা বুলি কোৱা হৈছে। এই ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰেৰক ৰঞ্জিত ভূঞা
You might also like