কাছুমাৰাত অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ
নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিল : চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত কাছুমাৰা আৰক্ষী থানা এলেকাধীন কাছুমাৰাত যোৱা নিশা প্ৰায় ১২ বজাত এখন বাসগৃহ হঠাৎ জুইত ভষ্মীভূত হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ জানিব পৰা মতে কাছুমাৰা গাঁৱৰ তছেৰ আলীৰ পুত্ৰ আলী আকবৰে ঘৰৰ আৰ্থিক অৱস্থা দূৰ্বল হোৱাত কিছুদিন পূৰ্বে কাম কৰিবলৈ বৰপেটাৰ কয়াকুচিলৈ গৈছিল আৰু তাতেই কাম কৰি আছিল ৷ ইপিনে আলি আকবৰে ঘৰত নথকাত তেওঁৰ পৰিয়ালৰ লোক সকলে আকবৰৰ শহুৰেকৰ ঘৰলৈ গৈছিল ৷ যাৰফলত যোৱা নিশাটোত ঘৰত কোনেও নথকাত নিশাৰ ভাগত হঠাৎ জুইৰ লেলিহান শিখাই নিমিষতে জ্বলি ছাই কৰে বাসগৃহটো ৷ স্থানীয় ৰাইজে গভীৰ নিশা জুই দেখি দৌৰি আহে যদিও ইতিমধ্যে ঘৰৰ লগতে ভিতৰত থকা সকলো সা-সম্পত্তি, নথি-পত্ৰ জুইত পুৰি ছাই হয় ৷ উল্লেখনীয় যে ঘৰত কোনো লোক নথকাত কেনেকৈ জুই লাগিল তাকেলৈ সমগ্ৰ ঘটনাটো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ গাঁও খনৰ লোক সকলে আলী আকবৰ আৰু পৰিয়ালৰ লোক সকলক খবৰ দিছে যদিও বাতৰি লিখা সময়লৈকে কোনো এজনেও ঘটনাস্থলীত আহি উপস্থিত হোৱা নাই বুলি জনা যায়৷ ফলস্বৰুপে বৰ্তমানলৈ জুইত ভষ্মীভূত পৰিয়ালৰ সা-সম্পত্তিৰ ক্ষয়ক্ষতিৰ কোনো হিচাব জানিব পৰা নাই৷ বাসগৃহ এখনত কোনো লোক নথকাত কেনেকৈ জুই লাগিল তাকলৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে৷ সমগ্ৰ ঘটনাটো আৰক্ষী প্ৰশাসনে সঠিক তদন্ত কৰি প্ৰকৃত ৰহস্যটো উদ্ঘাটন কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালটোক আৰ্থিক সাহায্য আগবঢ়াবলৈ চৰকাৰ-প্ৰশাসনৰ লগতে স্থানীয় বিধায়কক অঞ্চলবাসীয়ে দাবী জনাইছে ৷
প্ৰেৰক আব্দুল হক